39.3 C
New Delhi
Wednesday, June 10, 2026
spot_img
Homeঅসমশিৱসাগৰৰ জেঙনিকটীয়াত শোকাকূল পৰিৱেশঃ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মেধাৱী ছাত্ৰ আফ্ৰিদক অশ্ৰুসিক্ত বিদায়

শিৱসাগৰৰ জেঙনিকটীয়াত শোকাকূল পৰিৱেশঃ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মেধাৱী ছাত্ৰ আফ্ৰিদক অশ্ৰুসিক্ত বিদায়

শিৱসাগৰৰ জেঙনিকটীয়াত শোকাকূল পৰিৱেশঃ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মেধাৱী ছাত্ৰ আফ্ৰিদক অশ্ৰুসিক্ত বিদায়

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ , ২৫ এপ্ৰিলঃশিৱসাগৰ নগৰৰ সমীপৱৰ্তী জেঙনিকটীয়া অঞ্চলত আজি এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। গুৱাহাটীত এক পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱতি লোৱা অঞ্চলটোৰ প্ৰতিভাশালী যুৱক আফ্ৰিদ হুছেইনৰ মৃতদেহ স্ব-গৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে কান্দোনৰ ৰোল উঠে। আজি বিয়লি অগণন গুণমুগ্ধৰ উপস্থিতিত দৰবাৰ ফিল্ড কেন্দ্ৰীয় কৱৰস্থানত জানাজা সম্পন্ন কৰি যুৱকজনক অন্তিম বিদায় দিয়া হয়। ​মাত্ৰ ২০ বছৰ বয়সতে অকাল মৃত্যুক সাৱতি লোৱা আফ্ৰিদে চলিত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। জানিব পৰা মতে, এগৰাকী বন্ধুৰ সৈতে গুৱাহাটীত থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু ঘটে। অতি অমায়িক স্বভাৱৰ যুৱকজনৰ মৃত্যুত জেঙনিকটীয়াৰ লগতে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পৰিছে।​আফ্ৰিদে মৃত্যুৰ সময়ত তেওঁৰ অসুস্থ পিতৃ, মাতৃ, ভগ্নীৰ লগতে এটা বৃহৎ পৰিয়ালক এৰি থৈ গৈছে। ঘৰৰ ভৱিষ্যতৰ আশা স্বৰূপ মেধাৱী ছাত্ৰজনৰ এনে আকস্মিক বিয়োগ কোনোমতে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই পৰিয়াল তথা স্থানীয় ৰাইজে। আজি সম্পন্ন হোৱা জানাজাৰ অনুষ্ঠানত উপস্থিত থাকি বহু শতাধিক ৰাইজে প্ৰয়াত আফ্ৰিদৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

RELATED ARTICLES
Lucknow
scattered clouds
37.6 ° C
37.6 °
37.6 °
14 %
2.2kmh
27 %
Tue
37 °
Wed
46 °
Thu
44 °
Fri
42 °
Sat
43 °

Most Popular