32.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমমাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ বিশেষ পদক্ষেপঃ বিহুৰ বতৰত ৫ গৰাকী বিশিষ্ট...

মাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ বিশেষ পদক্ষেপঃ বিহুৰ বতৰত ৫ গৰাকী বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা

মাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ বিশেষ পদক্ষেপঃ বিহুৰ বতৰত ৫ গৰাকী বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা


​ *দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ,শিৱসাগৰ,২৬ এপ্ৰিলঃ* পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰাদেশিক নেতৃত্বৰ নিৰ্দেশনা অনুসৰি মাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ ২০২৬-২৭ বৰ্ষৰ কাৰ্যকালৰ প্ৰথমটো প্ৰকল্প সফলতাৰে সম্পন্ন হয়। অসমৰ প্ৰধান জাতীয় উৎসৱ ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে শাখাৰ তৰফৰ পৰা এক “বিশেষ সন্মান অনুষ্ঠান”ৰ আয়োজন কৰা হয়। এই প্ৰকল্পটোৰ সফল ৰূপায়ণৰ বাবে কেশৱ পাৰীক আৰু অমন লাহোটীক যুটীয়া আহ্বায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। এই অনুষ্ঠানৰ অধীনত মাৰৱাড়ী যুৱ মঞ্চৰ সদস্যসকলে অসমৰ সংস্কৃতি, সাহিত্য, শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ৫ গৰাকী বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকক আন্তৰিক সন্মান জনায়। সন্মানিত ব্যক্তিসকলক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু মাৰৱাড়ী সমাজৰ ওপৰত লিখিত “কীৰ্তিমন্ত” নামৰ গ্ৰন্থখনি উপহাৰ হিচাপে প্ৰদান কৰা হয়।​মঞ্চই সন্মান জনোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যেষ্ঠ কন্যা তথা সাংস্কৃতিক কৰ্মী জয়শ্ৰী চলিহা, পদ্মশ্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দীপালী চলিহা, ৰাজ্যৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী মহান এথলীট অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু ‘শিৱসাগৰ ৰত্ন’ হিচাপে খ্যাত জ্যেষ্ঠ সাহিত্যিক, শিক্ষাবিদ তথা সাংবাদিক সোনাৰাম বৰুৱা।​যুটীয়া আহ্বায়ক কেশৱ পাৰীক আৰু অমন লাহোটীৰ নেতৃত্বত সম্পন্ন হোৱা এই অনুষ্ঠানত শাখাধ্যক্ষ অংকুশ কেড়িয়া, সচিব মহেশ গট্টানী, কোষাধ্যক্ষ সৌৰভ আগৰৱাল, প্ৰাদেশিক কাৰ্যকৰী সদস্য মনীষ গট্টানীৰ লগতে প্ৰাক্তন সভাপতি দীপক ঝনৱৰ, বিনীত আগৰৱাল, সৌৰভ পানচাৰী, জ্যেষ্ঠ সদস্য সুনীল ছাৱছৰিয়া, পংকজ আগৰৱাল আৰু কাৰ্যকৰী সদস্য যশ দেৱড়াই সক্ৰিয় সহযোগ আগবঢ়ায়। মঞ্চৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, এয়া কেৱল এক সন্মান অনুষ্ঠানেই নহয়, বৰঞ্চ জাতীয় উৎসৱৰ শুভক্ষণত জ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন আৰু সামাজিক একতা সুদৃঢ় কৰাৰ এক বিনম্ৰ প্ৰয়াস।

RELATED ARTICLES
Lucknow
light rain
33.7 ° C
33.7 °
33.7 °
53 %
3.5kmh
49 %
Tue
35 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular