লিডুত নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,২৭ এপ্ৰিল — লিডু আৰক্ষী আৰু ২০ অসম ৰাইফলচৰ সেনা জোৱানৰ এটি যৌথ দলে কালি নিশাৰ ভাগত লিডুত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলায় । সেনা–আৰক্ষীৰ যৌথ অভিযান কালত অভিযানকাৰী দলটোৱে নিষিদ্ধি ড্ৰাগছ সহিতে কালি ড্ৰাগছ ৰেকেটৰ সৈতে জড়িত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । শনিবাৰে নিশাৰ ড্ৰাগছ বিৰোধী অভিযানটোত সেনা–আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা ড্ৰাগছ সৰবৰাহকাৰী চাৰি গৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে । ধৃত চাৰিও গৰাকীৰ বিৰুদ্ধে দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰথম অৱস্থাত অসম ৰাইফলচৰ সেনা জোৱানৰ দলটোৱে ড্ৰাগছসহ জাগুনৰ মনোজ কোঁৱৰ আৰু পাৰ্বতীপুৰৰ জেম মূড়াক হাতে-লোটে কৰায়ত্ত কৰে । ইয়াৰ পাছতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুয়োৰ ওপৰত আৰম্ভ হয় জেৰা । জেৰা কালত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাই সিহঁতৰ সৈতে জড়িত থকা ড্ৰাগছ ৰেকেটৰ আন কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীৰ নাম প্ৰকাশ কৰে । আৰু সেনা–আৰক্ষীৰ পৰিকল্পনা অনুসৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ দ্বাৰা ড্ৰাগছ যোগান ধৰিবৰ বাবে সেই সকল ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সংযোগ স্থাপন কৰোৱাই । ইয়াৰ পাছতে সেনা–আৰক্ষীৰ পৰিকল্পনাৰ কিঞ্চিতো ভূ নাপায় ড্ৰাগছ যোগান দিবলৈ আহি ড্ৰাগছ সহিতে অভিযানকাৰীৰ জালত পৰে জাগুন বজাৰৰ বাসিন্দা ঝুমা ধৰ নামৰ মহিলা গৰাকীৰ সৈতে দীপেন ৰজক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো । এনেদৰেই কালিৰ দিনটোত তিনিচুকীয়া জিলাৰ লিডুত সেনা–আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানটোত কৰায়ত্ত হয় চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা সেনা–আৰক্ষীৰ অভিযানকাৰী দলটোৱে প্ৰায় ৪৫ গ্ৰাম ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এ এচ ২৩ এ এম ৬৭০৮ নম্বৰৰ এখন টাটা নেক্সন গাড়ী সহিতে এখন বাজাজ পালচাৰ মটৰ চাইকেলো জব্দ কৰে । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰৰ মূল্য পাঁচ লক্ষাধিক টকা হ’ব বুলি জানিব দিয়ে । ইপিনে অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে কে’বাগৰাকীও মহিলা অভিযানকাৰী দলৰ হাতত হাতে–লোটে কৰায়ত্ত হোৱা বিষয়টো যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে অঞ্চলটোৰ বাবে ।
লিডুত নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক
Lucknow
overcast clouds
36.7
°
C
36.7
°
36.7
°
43 %
3.2kmh
100 %
Mon
37
°
Tue
36
°
Wed
36
°
Thu
37
°
Fri
34
°

