33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeআঞ্চলিককৌপাটিৰ এপেক্স ছিনিয়ৰ ছেকেণ্ডাৰীৰ বৃহৎ সাফল্য , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ...

কৌপাটিৰ এপেক্স ছিনিয়ৰ ছেকেণ্ডাৰীৰ বৃহৎ সাফল্য , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

কৌপাটিৰ এপেক্স ছিনিয়ৰ ছেকেণ্ডাৰীৰ বৃহৎ সাফল্য , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

ষ্টাফ ৰিপ’ৰ্টাৰ ; দৰং , ৩ মে – দৰং জিলাৰ দলগাঁৱৰ কৌপাটিৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমক দেখুৱাইছে । কিয়নো বিদ্যালয় খনৰ পৰা এইবছৰ মুঠ আঠ গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে আঠ গৰাকীয়ে উত্তীৰ্ণ হৈ বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখ্য যে আঠ গৰাকী ছাত্ৰই উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত । তাৰে এগৰাকীয়ে দিষ্টিংশ্বন, এগৰাকী ষ্টাৰ আৰু আন ছয় গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় খনৰ ছাত্ৰী মমেনা খাতুনে পাঁচটা বিষয়ত লেটাৰ সহ আঠাশী শতাংশ নম্বৰেৰে সৰ্বমুঠ 440 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মল্লিকা দেৱীয়ে চাৰিটা বিষয়ত লেটাৰ সহ তিৰাশী দশমিক দুই শতাংশ নম্বৰেৰে মুঠ 416 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয় খনৰ এই ফলাফলত পৰিচালন সঞ্চালক তফিকুল ইছলাম যথেষ্ট সুখী আৰু আনন্দিত বুলি প্ৰকাশ কৰে । এইক্ষেত্ৰত বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰীৰ মন্তব্যই আপোনাক অধিক আকৰ্ষিত কৰি তুলিছে । সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকলে ভৱিষ্যতে সৎ মানুহ হৈ সমাজৰ হৈ সেৱা আগবঢ়াব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular