29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমআমছু'ৰ পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা আৰু নতুন সমিতি...

আমছু’ৰ পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা আৰু নতুন সমিতি গঠন

আমছু’ৰ পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা আৰু নতুন সমিতি গঠন।

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ৩ মে: গোসাঁইগাঁৱৰ অণ্ঠাইবাৰী কমিউনিটী হলত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানটোত ২০২৫-২৬ শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক উষ্ম অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক জাকিৰ হুছেইন,পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰেজোৱান আলী, উপ-সভাপতি মতিয়াৰ ৰহমান প্ৰধানী আৰু সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমান প্ৰমূখ্যে আন কেইবাগৰাকী নেতা অনুষ্ঠানটোত উপস্থিত থাকে।তেওঁলোকে শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাৰ বাবে উৎসাহ যোগোৱাৰ লগতে সমাজ উন্নয়নত শিক্ষাৰ গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে।সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক একোখনকৈ অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, এখন ডায়েৰি,এটা কলম আৰু এখন মানপত্ৰ প্ৰদান কৰা হয়।লগতে পৰিৱেশ সজাগতাৰ বাৰ্তা প্ৰেৰণাৰ্থে প্ৰতি গৰাকী শিক্ষাৰ্থীক একোজোপাকৈ গছ পুলি উপহাৰ হিচাপে প্ৰদান কৰে।উক্ত সভাতে পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিখনৰ কাৰ্যকাল উকলি যোৱাত পূৰ্বৰ সমিতিখন ভংগ কৰি সৰ্বসন্মতি ক্ৰমে এখন নতুন সমিতি গঠন কৰা হয়।কাছিমুদ্দিন আহমেদক সভাপতি,মফিজুদ্দিন আলীক কাৰ্যকৰী সভাপতি, মুছাৰোফ আলী আৰু নুৰ ইছলাম হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৪১ জনীয়া এখন শক্তিশালী সমিতি পৰৱৰ্তী কাৰ্যকালৰ বাবে গঠন কৰা হয়। উপস্থিত নেতৃবৰ্গই নৱ-নিৰ্বাচিত সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰি সমাজৰ কল্যাণ আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়।আনহাতে সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফলৰ শলাগ লৈ তেওঁলোকৰ এনে কৃতিত্বই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ অধিক সুদৃঢ় আৰু প্ৰেৰণাদায়ক কৰি তুলিব বুলিও বক্তা সকলে ভাষণত দোহাৰে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular