31.9 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমধিং সমষ্টিত বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ‌ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ বৃহৎ জয়

ধিং সমষ্টিত বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ‌ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ বৃহৎ জয়

ধিং সমষ্টিত বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ‌ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ বৃহৎ জয়
দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্ট : ঘোষণা হ’ল ২০২৬ বৰ্ষৰ বিধানসভাৰ ফলাফল। বিজেপিয়ে চেঞ্চুৰী কোৱাই পুণৰ চৰকাৰ গঠণৰ দিশে আগবাঢ়িছে। তাৰ সমান্তৰালকৈ বিৰোধীয়ে মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ হৈ থাকিল। ৫৫ নং ধিং সমষ্টিটো পূৰ্বৰে পৰা এ, আই, ইউ, ডি এফৰ কৱলত আছিল আৰু আমিনুল ইছলাম সমষ্টিটোৰ বিধায়ক হৈ আছিল। কিন্তু উন্নয়নৰ দিশে একো ধাৱমান নোহোৱাত সমষ্টিটোৰ ৰাইজে মতবিৰোধ হোৱা পৰিলক্ষিত হয়। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত এ, আই, ইউ, ডি, এফ প্ৰাৰ্থী মতিউৰ ৰহমান আৰু বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ‌ প্ৰাৰ্থী মেহবুব মোক্তাৰৰ মাজত ৰাজনৈতিক যুঁজখন তুমুল প্ৰতিযোগিতাৰে আগবাঢ়িছিল কিন্তু সেয়া ফলপ্ৰসূ হৈ উঠা দেখা পোৱা নাই। যুঁজখন আধৰুৱা হৈ যায়। মতিউৰ ৰহমানে 59688 টা ভোট লাভ কৰাৰ পৰিবৰ্তে মেহবুব মোক্তাৰে 131182 টা ভোট লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় 71494‌ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত হয় বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ‌ প্ৰাৰ্থী মেহবুব মোক্তাৰ। এ, আই, ইউ, ডি এফৰ কৰ্মী ও প্ৰাৰ্থীৰ আশাত চেঁচাপানী পৰিল। বিপুল ভোটৰ ব্যৱধানত পৰাস্ত হ’ল মতিউৰ ৰহমান। ৰাইজৰ আশা আকাংক্ষা এইবাৰ ধিং সমষ্টিত উন্নয়ন হ’ব লাগে আৰু মেহবুব মোক্তাৰে সেয়া উন্নয়ন সম্ভৱ কৰি তুলিব পাৰিব। সঁচা অৰ্থত এইবাৰ এ, আই, ইউ, ডি, এফ মুক্ত হ’ল ৫৫ নং ধিং সমষ্টি।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular