মৰিগাঁও শঙ্কৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গণত হোৱা প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গ-২০২৬ ৰ অনুষ্ঠান
দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাওঁ ৮ মে’: মৰিগাঁও শঙ্কৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গণত আজি অনুষ্ঠিত হোৱা প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গ-২০২৬ ৰ অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ, শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত এই প্ৰশিক্ষণৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত ভাষণ দি আয়ুক্ত শ্ৰীমতী তেৱাৰীয়ে কয় যে শিক্ষকতা এটা মহৎ বৃত্তি৷ শিক্ষক শিক্ষয়িত্ৰীসকল সৌভাগ্যৱান যে এনে এটা বৃত্তিৰ সৈতে জড়িত হ’ব পাৰিছে৷ কোনো জটিল কাম কৰিবলগীয়া হোৱা নাই, বৰং মানৱ সম্পদ গঢ় দিয়াৰ দৰে পৱিত্ৰ কামত ব্ৰতী হৈছে৷ তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিয়মানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা নিষ্ঠাৰ বিশেষ শলাগ লৈ সমাজ গঠনত শিক্ষক সমাজৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰে৷ লগতে গুণগত শিক্ষা ব্যৱস্থা গঢ়ি তোলাত শিক্ষকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি শিক্ষাৰ সৈতে মূল্যবোধ, সংস্কৃতি আৰু নৈতিকতাৰ সমন্বয় ঘটাই নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাবলৈ আহ্বান জনায়৷ অনুষ্ঠানত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰীসকলক উৎসাহ যোগাই তেওঁ প্ৰশিক্ষণৰ অভিজ্ঞতাক বাস্তৱ শিক্ষণ প্ৰক্ৰিয়াত সফলভাৱে প্ৰয়োগ কৰি সমাজ গঠনত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
মৰিগাঁও শঙ্কৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গণত হোৱা প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গ-২০২৬ ৰ অনুষ্ঠান
Lucknow
haze
29
°
C
29
°
29
°
58 %
5.1kmh
20 %
Sat
37
°
Sun
39
°
Mon
41
°
Tue
43
°
Wed
41
°

