হাতীমূৰীয়া গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ, তদন্তৰ দাবীত সৰব ৰাইজ আৰু ৮ গৰাকী ৱাৰ্ড সদস্য
দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী,৯ মে:মৈৰাবাৰী: নগাঁও জিলাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী ওৱাচিম আক্রমৰ বিৰুদ্ধে বিভিন্ন চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, পঞ্চায়তটোৰ অধীনস্থ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২৩-২৪ বৰ্ষৰ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া “মৈৰাবাৰী-বেচামাৰী পথৰ পৰা নুৰুল ইছলামৰ বাসগৃহলৈ চি চি ৰোড” আঁচনিখনত ব্যাপক অনিয়ম সংঘটিত হৈছে। স্থানীয় লোক আৰু ৱাৰ্ড সদস্যসকলৰ অভিযোগ, নিৰ্বাচিত সদস্যসকলক অন্ধকাৰত ৰাখি বিভিন্ন আঁচনিৰ কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিত নিজৰ পৰিয়ালৰ সদস্যক অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ উপৰিও, কিছুদিন পূৰ্বে হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয় মেৰামতিৰ বাবে আবণ্টিত ধনৰ ক্ষেত্ৰতো খেলি-মেলি কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, মেৰামতিৰ নামত বৃহৎ পৰিমাণৰ ধন তেওঁ আত্মহাত কৰিছে। ইতিমধ্যে স্থানীয় ৰাইজ, একাংশ ৱাৰ্ড সদস্য আৰু সচেতন মহলে নগাঁও জিলা আয়ুক্ত তথা নিজ ধিং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰি ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী জনাইছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ওৱাচিম আক্রমৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ নামত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। ফলত পুনৰ একে ধৰণৰ অভিযোগ উত্থাপিত হোৱাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে।
অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী কৰি অহাৰ মাজতে এনেধৰণৰ অভিযোগে চৰকাৰী আঁচনি ৰূপায়ণ ব্যৱস্থাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে, অভিযুক্তৰ বিৰুদ্ধে সঠিক তদন্ত চলাই দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জোৰ দাবী জনাইছে।

