35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমাজবাটত শিশু শিক্ষা সমিতিৰ তেজপুৰ বিভাগৰ সাতদিনীয়া আৱাসিক আচাৰ্য -আচাৰ্যাৰ প্রাথমিক প্রশিক্ষণ...

মাজবাটত শিশু শিক্ষা সমিতিৰ তেজপুৰ বিভাগৰ সাতদিনীয়া আৱাসিক আচাৰ্য -আচাৰ্যাৰ প্রাথমিক প্রশিক্ষণ বৰ্গৰ সামৰণি অনুষ্ঠানত ৰিংকুমণি দাস

সঠিক নিয়মানুৱৰ্তিতা ,পাঠযোজনা অবিহনে শ্ৰেণীকোঠাত প্রৱেশ নকৰিব

মাজবাটত শিশু শিক্ষা সমিতিৰ তেজপুৰ বিভাগৰ সাতদিনীয়া আৱাসিক আচাৰ্য -আচাৰ্যাৰ প্রাথমিক প্রশিক্ষণ বৰ্গৰ সামৰণি অনুষ্ঠানত ৰিংকুমণি দাস

, দুৰ্নীতিৰ দৰ্পণ,চিৰাজুলী,১৫মে : বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ তেজপুৰ বিভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱনিয়ুক্ত আচাৰ্য – আচাৰ্যা সকলৰ আৱাসিক প্রাথমিক প্রশিক্ষণ বৰ্গ ২০২৬ -২৭ বৰ্ষৰ ৬ মে তাৰিখৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হৈ ১৩ মে তাৰিখে সামৰণি পৰে | আচাৰ্য – আচাৰ্যা আৱাসিক প্রাথমিক প্রশিক্ষণ বৰ্গত তেজপুৰ বিভাগৰ গহপুৰ ,বিশ্বনাথ ,তেজপুৰ ,ঢেকীয়াজুলি ,ওডালগুৰি ,দৰং জিলাসহ ৭ টা সংকুলৰ ৫৭ খন নিকেতনৰ ৭৫ গৰাকী আচাৰ্য -আচাৰ্যাৰ সহিতে শিশু শিক্ষা সমিতিৰ তেজপুৰ বিভাগৰ বিষয়বৱীয়া সকলে অংশ গ্রহণ কৰে | সেই উপলক্ষে ১২ মে মঙ্গলবাৰে আবেলি ৩ বজাত নিকেতনৰ সভাগৃহত মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকতন পৰিচালনা সমিতিৰ সভাপতি প্রদীপ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিকেতনখনৰ প্রাক্তন প্রতিস্থাপক আচাৰ্যা তথা মাজবাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ৰিংকুমনি দাসে কয় যে নৱনিয়ুক্ত আচাৰ্য – আচাৰ্যা সকলৰ বাবে উক্ত আৱাসিক প্রাথমিক প্রশিক্ষণ বৰ্গৰ যথেষ্ট তাতপৰ্য আছে | যিসকলে প্রশিক্ষণ লোৱা নাই তেখেতসকলে বুজি নাপাব | প্রশিক্ষণত বিদ্যা ভাৰতীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰা হয় | নিকেতনত বিদ্যা ভাৰতী সংস্কাৰৰ আধাৰত শিক্ষা প্রদান কৰা বাবে অভিভাৱক সকল নিকেতনৰ প্রতি আকৃষ্ট হৈছে | আমাক ৰাম ,লক্ষ্মণ ,সীতাৰ দৰে সন্তান লাগে | তেখেতে লগতে কয় যে নিয়মানুৱৰ্তিতা ,পাঠযোজনা অবিহনে শ্ৰেণীকোঠাত প্রৱেশ কৰিব নালাগে বুলি কয় | সদায় আনন্দ মনেৰে পাঠ আদান -প্রদান কৰিব লাগে | যি সকল আচাৰ্য – আচাৰ্যাই সাতদিনীয়া প্রাথমিক প্রশিক্ষণ গ্রহণ কৰিলে তেখেতসকলে পৰৱৰ্তী সময়ত ১৫ দিনীয়া প্রশিক্ষণ গ্রহণ কৰাৰ পিছতহে শিশু শিক্ষা সমিতিয়ে এগৰাকী পূৰ্ণকালীন আচাৰ্য – আচাৰ্যা হিচাপে স্বীকৃতি দিব | সভাৰ আৰম্ভণিতে সৰস্বতী , ঔম , ভাৰত মাতাৰ চিত্র ৰাখি বন্তি ,ধূপ -ধূনা জ্বলাই পুষ্পাঞ্জলী অৰ্পন ,প্রাৰ্থনা ,প্রতিজ্ঞা , আমাৰ লক্ষ্য ,অমৃত বচন ,জীৱনৰ লক্ষ্য ,অনুভৱ কথন ,গীত পৰিৱেশন কৰাৰ লগতে জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে | প্রশিক্ষণত সমল ব্যক্তি হিচাপে শিশু শিক্ষা সমিতি অসমৰ তেজপুৰ বিভাগৰ প্রশিক্ষণ প্রমূখ হিতেন প্রসাদ গোস্বামী , বিভাগ নিৰীক্ষক ধীৰেন শৰ্মা ,ওডালগুৰি সংকুল প্রমূখ টংকেশ্বৰ গৌতম , বিভাগ শাৰীৰিক প্রমূখ দীপক কোচ ,বিভাগ সংগীত প্রমূখ হৰমোহন শইকীয়া ,বিভাগ যোগ প্রমূখ পলী হাজৰিকা ,প্রান্তীয় ঘোষ প্রমূখ শংকৰ বিশ্বাসৰ সহিতে ২৫ গৰাকী সমল ব্যক্তিয়ে ৪৩ টা কালাংশত পাঠদান কৰাৰ লগতে বিদ্যা ভাৰতীৰ বৈশিষ্ট সমূহ অৱগত কৰে | সমল ব্যক্তি ,প্রশিক্ষণাৰ্থী ,নিকেতন পৰিচালনা সমিতিৰ বিষয়বৱীয়া সকল সভাত উপস্থিত থাকি তেখেত সকলৰ মনৰ ভাৱ ব্যক্ত কৰাৰ সময়ত মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আতিথ্য আৰু আপ্যায়নৰ ভূয়সী প্রশংসা কৰে | সভাপতিৰ বক্তব্য – মন্তব্যৰ পিছত প্রধান আচাৰ্য ৰথীন দত্তৰ শলাগৰ শৰাইৰ অন্তত ৰাষ্ট্রীয় গীতেৰে সভা শেষ হয় | ১৩ মে বুধবাৰে দীক্ষান্ত সমাৰোহেৰে সাত দিনীয়া আৱাসিক আচাৰ্য – আচাৰ্যাৰ প্রাথমিক প্রশিক্ষণ বৰ্ষৰ সামৰণি পৰে |

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular