41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমকাৰাগাওঁ অৰুচা আদিৱাসী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণ , ৩ বছৰীয়া কণমানি শিশুৰ...

কাৰাগাওঁ অৰুচা আদিৱাসী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণ , ৩ বছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ

কাৰাগাওঁ অৰুচা আদিৱাসী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণ , ৩ বছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ

দুৰ্নীতিৰ দৰ্পণ, মইনুল হুছেইন ওঝা, খটখটী সংবাদদাতা, ১৪ মে :- কাৰ্বি আংলং জিলাৰ খটখটী থানাৰ অন্তৰ্গত কাৰাগাওঁ পোহৰা চকীৰ অধীনস্থ অৰুচা আদিৱাসী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন ৩ বছৰীয়া কণমানি শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। প্ৰত্যক্ষদৰ্শীৰ মতে, আজি নিশা প্ৰায় ১ বজাত এটা বনৰীয়া হাতীয়ে গাঁওখনত তাণ্ডৱ চলাই কেইবাটাও ঘৰ-দুৱাৰ ভাঙি পেলায়। এই ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজন ৩ বছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যু ঘটে। মৃত শিশুটি হৈছে অৰুচা আদিৱাসী গাঁও বেঙেনাবাৰীৰ জহিৰুল ইছলামৰ পুত্ৰ তানবিৰ আলম (বয়স প্ৰায় ৩ বছৰ)। ঘটনাৰ খবৰ পাই কাৰাগাওঁ পোহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। পিছত বোকাজান ধণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ ডিফু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই হৃদয়বিদাৰক ঘটনাই অঞ্চলবাসীক গভীৰ শোকাহত কৰি তুলিছে।

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular