29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমপাঁচগ্ৰামৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰত জিলা আয়ুক্ত অভিষেক জৈনৰ পৰিদৰ্শন , ভাঙন পৰিস্থিতি...

পাঁচগ্ৰামৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰত জিলা আয়ুক্ত অভিষেক জৈনৰ পৰিদৰ্শন , ভাঙন পৰিস্থিতি লৈ প্ৰশাসনৰ তৎপৰতা স্থায়ী সমাধানৰ আশ্বাসত স্বস্তিত স্থানীয় লোকসকল

পাঁচগ্ৰামৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰত জিলা আয়ুক্ত অভিষেক জৈনৰ পৰিদৰ্শন , ভাঙন পৰিস্থিতি লৈ প্ৰশাসনৰ তৎপৰতা স্থায়ী সমাধানৰ আশ্বাসত স্বস্তিত স্থানীয় লোকসকল
প্ৰীতম দাস হাইলাকান্দি ১৭ মে’: হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম অঞ্চলৰ ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ শিৱ মন্দিৰ আৰু সংলগ্ন ভাঙন-কবলিত এলেকা পৰিদৰ্শন কৰে জিলা আয়ুক্ত অভিষেক জৈনে। শেহতীয়াকৈ অঞ্চলটোৰ ভাঙন পৰিস্থিতি ক্ৰমাৎ উদ্বেগজনক ৰূপ ধাৰণ কৰাত প্ৰশাসনৰ ফালৰ পৰা এই বিশেষ পৰিদৰ্শনৰ আয়োজন কৰা হয়। সোমবাৰে জিলা আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বিস্তৃত পৰ্যালোচনা কৰে।পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত আছিল ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকল জলসম্পদ বিভাগৰ কৰ্মকর্তাসকল আৰু স্থানীয় প্ৰশাসনৰ প্ৰতিনিধিসকল। তেওঁলোকে মন্দিৰ সংলগ্ন ভাঙন কবলিত অংশ পৰিদৰ্শন কৰি বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিশদ আলোচনা কৰে। বিশেষকৈ ভাঙনৰ ফলত মন্দিৰৰ সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভতো আলোচনা কৰা হয়।
উল্লেখযোগ্য যে পাঁচগ্ৰামৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰে বহু বছৰ ধৰি ধর্মীয় আৰু ঐতিহাসিক গুৰুত্ব বহন কৰি আহিছে। প্ৰতিবছৰে অসংখ্য ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটে এই মন্দিৰত। কিন্তু শেহতীয়া ভাঙনৰ ফলত মন্দিৰ সংলগ্ন অঞ্চল বিপদৰ সন্মুখীন হোৱাত স্থানীয় লোকসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে এই সমস্যা সন্দৰ্ভত প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল।জিলা আয়ুক্ত অভিষেক জৈনে পৰিদৰ্শনৰ সময়ত সংশ্লিষ্ট বিভাগসমূহক অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তেওঁ ভাঙন ৰোধৰ বাবে স্থায়ী আৰু ফলপ্ৰসূ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। লগতে জৰুৰী ভিত্তিত প্ৰতিৰোধমূলক কাম আৰম্ভ কৰাৰ সম্ভাৱনাও পৰ্যালোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে।পৰিদৰ্শনকালত স্থানীয় বাসিন্দাসকলেও তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা জিলা আয়ুক্তৰ আগত উত্থাপন কৰে। ভাঙনৰ ফলত ভৱিষ্যতে অধিক ক্ষয় ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁলোকে অতি সোনকালে কার্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনায়। জিলা আয়ুক্তই স্থানীয় লোকসকলক আশ্বস্ত কৰি কয় যে প্ৰশাসনে বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰিছে আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।এইদিনাৰ পৰিদৰ্শনৰ পিছত প্ৰশাসনৰ সক্ৰিয় ভূমিকা আৰু দ্ৰুত ব্যৱস্থা গ্ৰহণৰ আশ্বাসত স্থানীয় লোকসকলৰ মাজত কিছু পৰিমাণে স্বস্তিৰ পৰিৱেশ সৃষ্টি হৈছে। এতিয়া অঞ্চলবাসীৰ আশা, শীঘ্ৰে কার্যকৰী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ শিৱ মন্দিৰ আৰু সংলগ্ন এলেকাক ভাঙনৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰা সম্ভৱ হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular