গোলাঘাট পূৱ শিক্ষাখণ্ডৰ ৰঙালী ২০২৬ উদযাপন
দুৰ্নীতিৰ দৰ্পণ, গোলাঘাট,১৮ মেঃ গোলাঘাট জিলা পূৱ শিক্ষাখণ্ডৰ উদ্যোগত বিষয়া,কৰ্মচাৰী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আৰু চৰকাৰী বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত সাংস্কৃতিক সমাৰোহ ‘ৰঙালী ২০২৬’ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বেঙেনাখোৱা,পূৱ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰে।কাৰ্যসূচী অনুসৰি পুৱা ৮-০০ বজাত ৰঙালী ২০২৬-ৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি প্ৰাঞ্জল প্ৰদীপ শৰ্মাই আৰু পূৱ শিক্ষা খণ্ডৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি গোলাঘাট পূব শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৱনী গগৈয়ে ।পুৱা ৮-১৫ বজাত হিয়াৰ আমঠু জীৱন গাৰ্গ, ভূপেন হাজৰিকা, ৰাজীৱ শদিয়া, পূৱ শিক্ষা খণ্ডৰ কৰ্মচাৰী প্ৰয়াত পংকজ গগৈ আৰু মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কৰিশ্মা শইকীয়াৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ ৰ্পণ কৰে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী গোলাঘাট মহকুমা সমিতিৰ সভাপতি বিশ্বজিত গগৈয়ে। পুৱা ৮-৩০ বজাত গোলাঘাট জিলা পূৱ শিক্ষাখণ্ডৰ কাৰ্যালয় চৌহদত নাহৰ পুলিৰোপণ কৰে গোলাঘাট জিলা অতিৰিক্ত আয়ুক্ত ড° মণিকা বৰাই।পুৱা ৯-০০বজাত বিষয়া-কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত প্ৰীতিমূলক পৰম্পৰা খেল-ধেমালি উদ্বোধন কৰে উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি সুৰভি খনিকৰে।১০ বজাত পৰম্পৰাগত স্ব-প্ৰস্তুতি পিঠা-পনা আৰু জলপানৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা আৰু স্ব-প্ৰস্তুতি গামোচাৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা। পুৱা ১১ বজাত ঢোল-বাদন, পেঁপা বাদন, বিহুনাচ,বিহুনাম প্ৰতিযোগিতা।বিয়লি ৩ বজাত শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়া-কৰ্মচাৰী সকলৰ মাজত পৰম্পৰাগত জাতীয়, জনগোষ্ঠীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা। সন্ধ্যা ৫ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়।

