31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসম.বি.এচ.চি ৯৪.৪ শতাংশৰে উজ্জ্বলিল গণক আদৰ্শ গাঁৱৰ চিমৰণ চান ইছলাম : চি.বি.এচ.চিৰ...

.বি.এচ.চি ৯৪.৪ শতাংশৰে উজ্জ্বলিল গণক আদৰ্শ গাঁৱৰ চিমৰণ চান ইছলাম : চি.বি.এচ.চিৰ উচ্চতৰ মাধ্যমিকৰ সু-নাম কঢ়িওৱা গাওঁখনৰ প্ৰথম গৰাকী ছাত্ৰী

চি.বি.এচ.চি ৯৪.৪ শতাংশৰে উজ্জ্বলিল গণক আদৰ্শ গাঁৱৰ চিমৰণ চান ইছলাম : চি.বি.এচ.চিৰ উচ্চতৰ মাধ্যমিকৰ সু-নাম কঢ়িওৱা গাওঁখনৰ প্ৰথম গৰাকী ছাত্ৰী

নামতিৰ পৰা ৰাতুল শৰ্মা ১৬ মে :- সদ্য ঘোষিত চি.বি.এচ.চিতৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯৪.৪ শতাংশ নম্বৰেৰে শিৱসাগৰ জিলাৰ নামতি চাৰিআলি গণক আদৰ্শ গাঁৱলৈ পোন প্ৰথম বাৰৰ বাবে সু-নাম কঢ়িয়াই আনিলে চিমৰণ চান ইছলামে ॥ চিমৰণ চান ইছলামৰ এই সফলতাত এতিয়া গৌৰাম্বিত পিতৃ-মাতৃৰ লগতে নামতি অঞ্চলবাসী ॥ ছাহজাহান হুছেইন আৰু জেবা জেবিন আখতাৰৰ জ্যেষ্ঠা কন্যা চিমৰণৰ ফলাফল লাভৰ লগে লগে গাওঁবাসীৰ লগতে আনন্দৰ বন্যা বৈছে নামতি অঞ্চলটোত ॥ কিয়নো চিমৰণ চি.বি.এচ.চিত ৰ উচ্চতৰ মাধ্যমিকৰ উক্ত ফলাফলত সু-নাম কঢ়িওৱা গণক আদৰ্শ গাওঁখনৰ প্ৰথম গৰাকী ছাত্ৰী ॥ গুৱাহাটীৰ নাৰেঙ্গীস্থিত Saint Francis De Sales School অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে চি.বি.এচ.চি ৰ উচ্চতৰ মাধ্যমিকৰ উক্ত ফলাফলত ৬টা বিষয়ত লেটাৰ সহিতে ৯৪.৪ শতাংশ নম্বৰেৰে জিলিকি উঠিছে ॥ অঞ্চলটোৰ বিভিন্ন জনে এতিয় ছাত্ৰী গৰাকীক একোখনকৈ ফুলাম গামোচা আৰু বিভিন্ন উপহাৰে অভিনন্দন জনাইছে ॥

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular