39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমচলন্ত ৰে’লত মহিলা যাত্ৰীক হাৰাশাস্থি , ক্ষোভত বৰাক*অভিযুক্তসকলক গ্ৰেপ্তাৰ আৰু স্বতঃপ্ৰণোদিত এফআইআৰ...

চলন্ত ৰে’লত মহিলা যাত্ৰীক হাৰাশাস্থি , ক্ষোভত বৰাক*অভিযুক্তসকলক গ্ৰেপ্তাৰ আৰু স্বতঃপ্ৰণোদিত এফআইআৰ দাখিলৰ দাবীত সৰব ‘ৰিয়াস’

চলন্ত ৰে’লত মহিলা যাত্ৰীক হাৰাশাস্থি , ক্ষোভত বৰাক*
অভিযুক্তসকলক গ্ৰেপ্তাৰ আৰু স্বতঃপ্ৰণোদিত এফআইআৰ দাখিলৰ দাবীত সৰব ‘ৰিয়াস’
প্ৰীতম দাস হাইলাকান্দি ২০ মে’ : চলন্ত ৰে’লত এগৰাকী মহিলা যাত্ৰীক ৰাজহুৱাভাৱে হেনস্থা অপমান আৰু শ্লীলতাহানিৰ অভিযোগক কেন্দ্ৰ কৰি বৰাক উপত্যকাজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ সাধাৰণ ৰাইজৰ মাজত আতংক আৰু ক্ষোভ বিয়পি পৰিছে। ঘটনাটোৰ তীব্ৰ নিন্দা জনাই ৰে’ল যাত্ৰী অধিকাৰ সুৰক্ষা সমিতি ‘ৰিয়াস’-এ ৰে’ল আৰক্ষীৰ ওচৰত অতি শীঘ্ৰে স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।জানিব পৰা মতে যোৱা ১৬ মে’ত শিলচৰৰ পৰা ৰঙিয়া অভিমুখী ১৫৬১২ এক্সপ্ৰেছ ৰে’লত এগৰাকী অকলশৰীয়া মহিলা যাত্ৰীৰ ওপৰত কেইবাজনো ব্যক্তিয়ে বেআইনীভাৱে চড়াও হয়। অভিযোগ অনুসৰি এগৰাকী মহিলা আৰু তেওঁৰ সৈতে থকা কেইজনমান যুৱকে ৰাজহুৱাভাৱে ৰে’লখনতেই উক্ত মহিলাগৰাকীৰ বেগ তল্লাশি চলায় আৰু বিভিন্ন ধৰণে অপমান তথা মানসিকভাৱে হেনস্থা কৰে। অভিযোগ অনুসৰি।যিগৰাকী মহিলাই যাত্ৰীগৰাকীক হেনস্থা কৰিছিল তেওঁ নিজকে ৰাঙ্গিৰখাড়ি থানাৰ আৰক্ষী বিষয়াৰ পৰিয়ালৰ সদস্য বুলি পৰিচয় দি মহিলাগৰাকীক ভয় দেখুৱাবলৈ চেষ্টা কৰে।ভাইৰেল হোৱা ভিডিঅ’টোত দেখা যায় যে অভিযুক্তসকলে উক্ত মহিলা যাত্ৰীগৰাকীক এটা নিষিদ্ধ সংগঠনৰ সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰি অবিৰতভাৱে জেৰা চলাই থাকে। আনকি তেওঁৰ ব্যক্তিগত পৰিচয় আৰু লিংগক লৈও কুৰুচিপূৰ্ণ মন্তব্য কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ ঘটনাটোৰ সময়ত ভুক্তভোগী মহিলাগৰাকীক আতংকিত আৰু অসহায় অৱস্থাত দেখা যায়।ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতেই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা যায়। বিশেষকৈ অকলশৰীয়াকৈ যাতায়াত কৰা মহিলা প্রবীণ নাগৰিক আৰু সাধাৰণ যাত্ৰীসকলৰ মাজত নিৰাপত্তাহীনতাৰ অনুভূতি অধিক বৃদ্ধি পোৱা বুলি বহুতে মত প্ৰকাশ কৰিছে।
এই ঘটনাক লৈ ৰে’ল যাত্ৰী অধিকাৰ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি শামছুল হক বৰভূঞাই বদৰপুৰ আৰপিএফ আৰু জিআৰপি কৰ্তৃপক্ষৰ ওচৰত এখন লিখিত অভিযোগ দাখিল কৰিছে। তেওঁ কয় যে চলন্ত ৰে’লত এগৰাকী সাধাৰণ মহিলা যাত্ৰীৰ সৈতে যি ধৰণে আচৰণ কৰা হৈছে সেয়া অত্যন্ত নিন্দনীয় আৰু আইনগতভাৱে দণ্ডনীয় অপৰাধ। যদি এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে সাধাৰণ ৰাইজৰ মাজত ভয় আৰু অসুৰক্ষাৰ পৰিবেশ গঢ় লৈ উঠিব।সংগঠনটোৰ পক্ষৰ পৰা দাবী জনোৱা হৈছে যে ৰে’ল আৰক্ষীয়ে অভিযোগটোক এফআইআৰ হিচাপে গ্ৰহণ কৰি মূল অভিযুক্ত মহিলা আৰু তেওঁৰ সৈতে থকা অজ্ঞাত পৰিচয় যুৱকসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে গোচৰ ৰুজু কৰিব লাগে। লগতে চাইবাৰ চেলৰ সহায়ত সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টো অপসাৰণ আৰু ঘটনাটোৰ দ্ৰুত তদন্ত চলাই দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীও উত্থাপন কৰা হৈছে।
ৰে’ল যাত্ৰী অধিকাৰ সুৰক্ষা সমিতিয়ে দাবী জনাইছে যে ভৱিষ্যতে যাতে চলন্ত ৰে’লত কোনো যাত্ৰী এনে অপমান আৰু হেনস্থাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে কঠোৰ আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।আজিৰ এই কাৰ্যসূচীত উপস্থিত আছিল ৰে’ল যাত্ৰী অধিকাৰ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি শামছুল হক বৰভূঞা, সাধাৰণ সম্পাদক দীপংকৰ দত্ত, আলহাজ নাছিৰ উদ্দিন তৰফদাৰ, দিলৱাৰ হুছেইন লস্কৰ, মিনতুল্লা বৰভূঞাসহ সংগঠনটোৰ আন সদস্যসকল।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular