29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনলবাৰী জিলা ছাত্ৰ সন্থাৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ। কান্ধতগেছ চিলিণ্ডাৰ আৰু...

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ। কান্ধতগেছ চিলিণ্ডাৰ আৰু স্কুটি ঠেলি ঠেলি প্ৰতিবাদ

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ। কান্ধতগেছ চিলিণ্ডাৰ আৰু স্কুটি ঠেলি ঠেলি প্ৰতিবাদ

ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতি দৰ্পন।নলবাৰী ২২মে :- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুক্ৰবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, পেট্ৰ’ল – ডিজেল আৰু জীৱনদায়নি ঔষধৰ মূল্যবৃদ্ধি প্ৰতিবাদত আৰু হ্ৰাস কৰাৰ দাবীত নলবাৰী চহৰত বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা সভাপতি নিৰুজউদ্দিন আহমেদ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন কলিতা, উপদেষ্টা অক্ষয় ডেকা , উৎপল কলিতা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গুণজ্যোতি পাঠকৰ নেতৃত্বত তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে নলবাৰী শ্বহীদ ভৱনৰ পৰা কলেজ ৰোড , জৈন মন্দিৰ ,বাটা চ’কহৈ পি.এন.চি পথেৰে বিক্ষোভ সমদল কৰি যোগান বিভাগ হায়!হায়! , অসম চৰকাৰ হায়!হায়, মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ অসম চৰকাৰ হুচিয়াৰ , যোগান বিভাগ হায়।হায় , বজাৰত লাগিছে জুই চৰকাৰ আছে শুই। মূখ্যমন্ত্ৰী হায়! হায় শ্লোগানেৰে উত্তাল কৰি তোলে ।
নতুন চৰকাৰ খনছ অনতিপলমে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular