29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকাছাৰ জিলাৰ প্ৰভা দেৱীক ৰাজ্যিক স্তৰৰ সন্মান*

কাছাৰ জিলাৰ প্ৰভা দেৱীক ৰাজ্যিক স্তৰৰ সন্মান*

কাছাৰ জিলাৰ প্ৰভা দেৱীক ৰাজ্যিক স্তৰৰ সন্মান*

শিলচৰ, পিএন চি ,২২মে’ : সদৌ অসম ছাত্ৰ সন্থা (AASU)-ৰ উদ্যোগত ১৮ মে’ তাৰিখে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প-ত আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কাছাৰ জিলাৰ মেধাৱী ছাত্ৰী প্ৰভা দেৱীক তেওঁৰ উৎকৃষ্ট শিক্ষাগত সাফল্যৰ বাবে ৰাজ্যিক স্তৰৰ সন্মানেৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, এই অনুষ্ঠানত সন্মান লাভ কৰা কাছাৰ জিলাৰ একমাত্ৰ ছাত্ৰী আছিল প্ৰভা দেৱী।

প্ৰভা দেৱীয়ে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৪৭৪ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। উৎকৃষ্ট ফলাফলৰ ভিত্তিত সন্থাই নিৰ্ধাৰণ কৰা যোগ্যতাৰ মানদণ্ড পূৰণ কৰাত তেওঁ এই সন্মানৰ বাবে নিৰ্বাচিত হয়।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এইবাৰ আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। লগতে, যিসকল শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে উল্লেখযোগ্য সফলতা অর্জন কৰিছে, সেই শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো সন্মানিত কৰা হয়। অনুষ্ঠানত ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশন পৰীক্ষাত সফলতা অর্জন কৰা অসমৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলকো সম্বৰ্ধনা জনোৱা হয়।

কাছাৰ জিলাৰ একমাত্ৰ সন্মানিত ছাত্ৰী হিচাপে প্ৰভা দেৱীৰ এই সাফল্য জিলাখন তথা তেওঁৰ শিক্ষানুষ্ঠানৰ বাবে গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। এই সন্মান তেওঁৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু শিক্ষাগত উৎকৰ্ষতাৰ স্বীকৃতি হিচাপে বিবেচিত হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular