39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমশিৱসাগৰত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠকঃ বজাৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা*

শিৱসাগৰত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠকঃ বজাৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা*

শিৱসাগৰত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠকঃ বজাৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২২ মে’: সাম্প্ৰতিক সময়ত বজাৰৰ মূল্যবৃদ্ধিৰ পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে অধ্যক্ষতাত কৰে। উক্ত সভাখনত শিৱসাগৰ জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াবৃন্দ, কৃষি আৰু উদ্যান শস্য বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন বিভাগ, সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা জিলাখনৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতাসকল উপস্থিত থাকে। সভাখনত বজাৰৰ দৰ-দাম নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু গ্ৰাহকসকল যাতে বিক্ৰেতাৰ দ্বাৰা হাৰাশাস্তিৰ বলি নহয়, তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই বৈঠকত বিক্ৰেতাসকলক ২২ বিধ পুৰণি আৰু ১৮ বিধ নতুন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য উল্লেখ থকা ফলক স্পষ্টকৈ প্ৰদৰ্শন কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে বিশেষভাৱে জোৰ দি কয় যে কৰ্তৃপক্ষই জাৰি কৰা এই নিৰ্দেশনা উলংঘা কৰা দোষী ব্যক্তিৰ বিৰুদ্ধে অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শেষত, সকলো সংশ্লিষ্ট বিভাগ, জিলা প্ৰশাসন আৰু বিক্ৰেতাসকলৰ মাজত এটা প্ৰশ্নোত্তৰ খণ্ড অনুষ্ঠিত হয়।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular