39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমগড়গাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপনঃ চাহ উদ‍্যোগৰ সম্ভাৱনীয়তাত আলোকপাত

গড়গাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপনঃ চাহ উদ‍্যোগৰ সম্ভাৱনীয়তাত আলোকপাত

গড়গাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপনঃ চাহ উদ‍্যোগৰ সম্ভাৱনীয়তাত আলোকপাত

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২২ মেঃগড়গাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ (IQAC) আৰু ভাৰতীয় চাহ ব’ৰ্ডৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ২০২৬ সফলভাৱে উদযাপন কৰা হয়।অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল অসমৰ চাহৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আৰ্থিক গুৰুত্বৰ বিষয়ে সচেতনতা সৃষ্টি কৰাৰ লগতে চাহ উদ্যোগত উদীয়মান সম্ভাৱনা আৰু নতুন উদ্ভাৱনৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰা। অনুষ্ঠানত ড০ সব্যসাচী মহন্তই আদৰণি ভাষণ আগবঢ়াই অসমৰ চাহৰ ইতিহাস, ইয়াৰ সামাজিক-আৰ্থিক গুৰুত্ব আৰু বৰ্তমান সময়ত চাহ উদ্যোগৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁ অসমৰ পৰিচয় আৰু অৰ্থনীতিত চাহৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰে।​একেদৰে ভাৰতীয় চাহ ব’ৰ্ড, শিৱসাগৰৰ উন্নয়ন বিষয়া ড০ দেৱজিত বৰাই চাহৰ বিভিন্ন প্ৰকাৰ, স্থানীয় চাহ উদ্যোগীসকলৰ উদ্ভাৱন, উদ্যোগিতা আৰু চাহ খণ্ডত বৃদ্ধি পাই থকা সম্ভাৱনাৰ বিষয়ে বক্তব্য ৰাখে। লগতে তেওঁ চাহ উদ্যোগত ব্যৱস্থাপনা আৰু নতুন চিন্তাধাৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী চাহ উন্নয়ন সঞ্চালক ড০ মুনছি নাছিৰ ইমামে শিক্ষাৰ্থীসকলৰ বাবে ভাৰতীয় চাহ ব’ৰ্ডে আগবঢ়োৱা বিভিন্ন আঁচনি আৰু সুবিধাৰ বিষয়ে তথ্য প্ৰদান কৰে। ইয়াৰ উপৰি স্থানীয় চাহ উদ্যোগীসকলেও নিজৰ অভিজ্ঞতা আৰু জ্ঞান ভাগ-বতৰা কৰে।উল্লেখনীয় যে এই অনুষ্ঠানত প্ৰায় ৭০ গৰাকী অংশগ্ৰহণকাৰী আৰু ২০ গৰাকী শিক্ষক-শিক্ষিকাই অংশগ্ৰহণ কৰে। মূল বিষয়বস্তুৰ সন্দৰ্ভত শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি অনুষ্ঠানটোৰ পৰা যথেষ্ট উপকৃত হয়। অনুষ্ঠানৰ শেষত IQAC-ৰ সমন্বয়ক ড০ সুৰজিত শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular