তিনিচুকীয়া পৰা গুৱাহাটী অভিমুখে আহি থকা ট্টাক হাইজেকৰ মুল মাষ্টাৰ মাইন কালাম আলী গ্ৰেপ্তাৰ।
▪️ৰামদিয়া আৰক্ষীৰ অভিযানত বৃহত সফলতা।
দুৰ্নীতিৰ দৰ্পণ হাজো ২০মে,হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত টাপাবড়ী চৰত কেইদিনমান পুৰ্বে ৰামদিয়া আৰক্ষীৰ অভিযানত বৃহত পৰিমানৰ চোৰাং মচলা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ঘটনাৰ বিবৰণী অনুসৰি কিছু দিন পুৰ্বে তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে মছলা জাতীয় সামগ্ৰী খিনি কঢ়িওৱা ট্টাক সন্ধান হীন হৈছিল।তাৰ প্ৰেক্ষিতত গৰাকীয়ে তিনিচুকীয়া থানাত গোচৰ ৰুজু কৰিছিল।গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ উপৰিও হাজো আৰক্ষী থানাৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। এনে সময়তে দুদিন পুৰ্বে নিশা গোপন সুত্ৰৰ পম খেদি ৰামদিয়া আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে তালাচী অভিযান চলাইছিল হাজোৰ তাপাবড়ীত।তালাচী অভিযানত তাপাবড়ীৰ হাৰান আলী নামৰ লোক এগৰাকীৰ গৃহত চুৰি সামগ্ৰী খিনি ৰামদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে চুৰি সামগ্ৰী খিনি সাতলাখ টকাত ক্ৰয় কৰিছিল হাজোৰ শ’লমাৰীৰ ইউনুছ আলী নামৰ এগৰাকী ব্যৱসায়ীয়ে। চোৰাং সামগ্ৰীৰ খিনিৰ লগত জড়িত
ইউনুছ আলী আৰু সামগ্ৰী উদ্ধাৰ কৃত পৰিয়ালৰ গৰাকী হাৰান আলীক আৰক্ষীয়ে আটক কৰিছিল। অভিযুক্তৰ বৰ্ণনা অনুসৰি কেবাগৰাকী লোক এনে দুকাৰ্য্যৰ লগত জৰিত থকাৰ কথা উল্লেখ আছিল। গাঁও প্ৰধানৰ মন্তব্যত প্ৰায় সোতৰ লাখ টকাৰ মছলা জাতীয় সামগ্ৰী থকাৰ কথা উল্লেখ কৰিছিল। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এনেধৰণৰ হাইজেকৰ লগত জড়িত মূল মাষ্টাৰ মাইন গৰাকী পলাতক অবস্থাত আছিল।এক গোপন সুত্ৰৰ পম খেদি মছলা জাতীয় সামগ্ৰীৰ লগত জড়িত মূল মাষ্টাৰ মাইন কালাম আলীক যোৱা নিশা গুৱাহাটীৰ পৰা হাজো আৰক্ষীৰ তীব্ৰতৰ অভিযানত ৰামদিয়া আৰক্ষীৰ সহযোগত মূল মাষ্টাৰ মাইন গৰাকী কালাম আলীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এনে দুকাৰ্য্যৰ লগত জড়িত লোক সকলক আইনী ব্যৱস্থাৰে দৃষ্টান্ত মুলক শাস্তিৰ দাবী তোলাৰ লগতে হাজো আৰক্ষী আৰু ৰামদিয়া আৰক্ষীৰ এনে সফলতাক স্থানীয় লোক সকলে ধন্যবাদ জ্ঞাপন কৰে।

