29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগোসাঁইগাঁৱত পুনৰ চুৰিকাণ্ড : বৰষুণৰ সুযোগ লৈ ২২টা বেটাৰী চুৰি

গোসাঁইগাঁৱত পুনৰ চুৰিকাণ্ড : বৰষুণৰ সুযোগ লৈ ২২টা বেটাৰী চুৰি

গোসাঁইগাঁৱত পুনৰ চুৰিকাণ্ড : বৰষুণৰ সুযোগ লৈ ২২টা বেটাৰী চুৰি

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২৩ মেঃ গোসাঁইগাঁও সদৰ চহৰৰ ডি কে ৰোডস্থিত “গোপাল বেটাৰী চাৰ্ভিচ” নামৰ দোকানত পুনৰ সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিশা প্ৰায় ২ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ সুযোগ লৈ দুৰ্বৃত্তই দোকানখনত প্ৰৱেশ কৰি ২২টা বেটাৰী চুৰি কৰি নিয়ে।ঘটনাৰ পিছতে দোকানখনৰ সন্মুখত মদৰ বটল পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাত স্থানীয় লোকৰ মাজত বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে।ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উদ্বেগৰ পৰিৱেশ বিৰাজ কৰিছে।উল্লেখযোগ্য যে, “গোপাল বেটাৰী চাৰ্ভিচ” দোকানখনত ইয়াৰ পূৰ্বেও দুবাৰকৈ চুৰিৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। একেটা দোকানত পুনঃপুনঃ চুৰিকাণ্ড সংঘটিত হোৱাত ব্যৱসায়ী মহলৰ মাজত নিৰাপত্তা ব্যৱস্থাক লৈ অসন্তোষ বৃদ্ধি পাইছে।ইফালে, গোসাঁইগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত থকা চুৰিকাণ্ডই সাধাৰণ ৰাইজ তথা ব্যৱসায়ীসকলক আতংকিত কৰি তুলিছে।আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular