গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জব্দ
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২৩ মে: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ নাকা তালাচী চকীত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।গোসাঁইগাঁও মহকুমাৰ আৰক্ষী বিষয়া মণ্টুৰাম বৰা আৰু শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সফলতা লাভ কৰে।আৰক্ষীয়ে সন্দেহজনকভাৱে এখন ট্ৰাকত তালাচী চলাই পশুখাদ্যৰ বস্তাৰ তলত লুকুৱাই ৰখা বিপুল পৰিমাণৰ কফ চিৰাপ উদ্ধাৰ কৰে।জানিব পৰা মতে ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা অসমৰ শিলচৰলৈ সৰবৰাহ কৰা হৈছিল নিষিদ্ধ কফ চিৰাপখিনি। UP78LN 5460 নম্বৰৰ ট্ৰাকখন ব্যৱহাৰ কৰি এই চোৰাং সৰবৰাহ চলোৱা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।অভিযান চলাই আৰক্ষীয়ে ট্ৰাক চালক তথা সৰবৰাহকাৰী উত্তৰ প্ৰদেশৰ হাৰদই জিলাৰ বাসিন্দা বিনিত কুমাৰক আটক কৰে।আৰক্ষীৰ তথ্য অনুসৰি জব্দ কৰা কফ চিৰাপসমূহ মুঠ ১০০টা কাৰ্টুনত ভৰ্তি আছিল। প্ৰতিটো কাৰ্টুনত ৩০০টাকৈ বটল আছিল আৰু সৰ্বমুঠ ৩০ হাজাৰ বটল নিষিদ্ধ কফ চিৰাপ জব্দ কৰা হয়। জব্দকৃত সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ৭০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

