29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা মাটি লাভ

মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা মাটি লাভ

মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা মাটি লাভ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে’: মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ হৃদয়স্থল কটন গ্ৰীণত ৪.৮ বিঘা মাটি আজি দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। এই নতুন অসম ভৱনে অসমৰ কৰ্কট ৰোগীসকলৰ সহায়-সহযোগিতাৰ উপৰিও আন অতিথিসকলৰ বাবে আবাসৰ সুবিধা প্ৰদান কৰিব। লগতে ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত অসমক অধিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰা আৰু ৰাজ্যখনৰ সংস্কৃতি, পৰ্যটন, বাণিজ্য তথা সম্ভাৱনাক প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে। অসম চৰকাৰৰ হৈ এই ভূমিখন গ্ৰহণ কৰে নগাঁও জিলাৰ জিলা আয়ুক্ত তথা অসম ভৱন, মুম্বাইৰ যুটীয়া আৱাসিক আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা দেৱাশীষ শৰ্মাই। তেওঁ ৰাষ্ট্ৰীয় বন্দৰ ন্যাস প্ৰাধিকৰণ, মুম্বাইৰ ইষ্টেট মেনেজাৰৰ পৰা এই ভূমিখিনিৰ স্বত্ব গ্ৰহণ কৰে। এই সম্পৰ্কে সোধাত তেওঁ কয় যে, নৱী মুম্বাইত থকা অসম ভৱনত উদ্ভৱ হোৱা আৱাসীৰ বৰ্দ্ধিত হেচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আৰু এটা অসম ভৱনৰ খুবেই আৱশ্যক হৈ পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা যোৱা আন লোকৰ লগতে চিকিৎসাৰ বাবে যোৱা কৰ্কটৰোগীৰ বৰ্দ্ধিত চাহিদাৰ যথেষ্ট পূৰণ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, পূৰ্বে সুদীৰ্ঘ কাল মুম্বাইৰ অসম ভৱনতে কৰ্কৰত হৈ থকাৰ সময়ত দেৱাশীষ শৰ্মাই অসমৰ পৰা যোৱা কৰ্কট ৰোগীসকল প্ৰতি অসামান্য সেৱা আগবঢ়াইছিল। তেওঁ উক্ত মাটিডৰাত আজিয়ে অসম ভৱনৰ নামত ছাইনবোৰ্ড আৰি দিয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular