30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমঅসম উন্নতি সভাৰ বাক্সা জিলা সমিতি গঠন, আগন্তুক কৰ্মপন্থাৰ ওপৰত আলোচনা

অসম উন্নতি সভাৰ বাক্সা জিলা সমিতি গঠন, আগন্তুক কৰ্মপন্থাৰ ওপৰত আলোচনা

অসম উন্নতি সভাৰ বাক্সা জিলা সমিতি গঠন, আগন্তুক কৰ্মপন্থাৰ ওপৰত আলোচনা

বাক্সা, 26 জুন: সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ বাক্সা জিলা সমিতি গঠন কৰা হয়।

বাক্সা জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় , মুছলপুৰত 22/06/2026 তাৰিখে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত সৰ্বসন্মতিক্ৰমে জিলা সমিতিখন গঠন কৰাৰ লগতে সংগঠনটোৰ আগন্তুক দিনৰ কৰ্মপন্থা সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হয়।

সভাত উপস্থিত সদস্যসকলে জিলাখনৰ বিভিন্ন সমস্যা সমাধান, যুৱ শক্তিৰ সংগঠন আৰু সেৱা-সহযোগ-সংস্কৃতিৰ মূলমন্ত্ৰক আগত ৰাখি কাম কৰি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

“জয় আই অসম” শ্ল’গানেৰে অনুষ্ঠিত সভাখনত অসম উন্নতি সভাৰ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বিষয়বীয়া, কৰ্মকৰ্তা আৰু বহু সক্ৰিয় সদস্য উপস্থিত থাকে।

নৱগঠিত বাক্সা জিলা অসম উন্নতি সভাৰ সমিতিৰ বিষয়বীয়াৰ তালিকা:
উপদেষ্টা: পৱন বৰ্মন, ধনেশ্বৰ দাস
সভাপতি: ভুমিধৰ ৰয়
উপ-সভাপতি: কুমুদ দাস, প্ৰানজিত দাস
মুখ্য সাধাৰণ সম্পাদক: অমৰেন্দ্ৰ পাঠক
সম্পাদক: উৎপল শৰ্মা
বিত্ত সম্পাদক: মানস প্ৰতিম চক্ৰৱৰ্তী
প্ৰচাৰ সম্পাদক: জাহিৰুল ইছলাম
সাংগঠনিক সম্পাদক.উমেশ দাস
কাৰ্য্যালয় সম্পাদক: কমল ভৰালী
জন-সম্পৰ্কী সম্পাদক: জয়দীশ পাঠক

কাৰ্যনিৰ্বাহক সদস্য: জয়ন্ত হালৈ, জয়ন্ত ৰয়, লৱকুমাৰ দাস, হিৰণ্য কলিতা

নৱগঠিত বাক্সা জিলা সমিতিয়ে অনাগত দিনত সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ লগতে জনসেৱাত ব্ৰতী হোৱাৰ সংকল্প লয়।


কেপচন: বাক্সাত অনুষ্ঠিত অসম উন্নতি সভাৰ জিলা সমিতি গঠনৰ সভাৰ এখন দৃশ্য

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular