লাহোৱালৰ বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহলৈ সাহিত্যিক সন্মান-২০২৬
দুৰ্নীতিৰ দৰ্পণ সেৱা, চাবুৱা,২৬ জুনঃ অহা ২৮ জুনত ৰাজ্যৰ কেইবাগৰাকী লেখক, বুদ্ধিজীৱি, সাংবাদিক, সাহিত্যিক, সমাজকৰ্মীক বঁটা প্ৰদান কৰিব ডিজিটেল মিডিয়া সংস্থা ৰিজন নিউজে। তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া ৰিজন নিউজৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত লাহোৱালৰ বিশিষ্ট শিক্ষাবিদ, সু-লেখক, সমাজকৰ্মী তথা এছ কে এছ ইংলিছ একাডেমিৰ মুখ্য পৰিচালন সঞ্চালক ড০ দয়ানন্দ শ্বাহক প্ৰদান কৰিব ‘সাহিত্যিক সন্মান’। ডিজিটেল মিডিয়া ৰিজন নিউজে আগবঢ়োৱা এই সন্মান লাভ কৰি ড০ শ্বাহে কয় যে এনেদৰে সন্মানিত কৰাৰ বাবে ডিজিটেল মিডিয়া সংস্থা ৰিজন নিউজৰ সমূহ কৰ্তৃপক্ষলৈ আন্তৰিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সন্মানে অধিক দায়বদ্ধতা, সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰেৰণা দিব। এই স্বীকৃতিয়ে মোক আগন্তুক দিনবোৰত আৰু অধিক সাহস, আত্মবিশ্বাসেৰে জনগণৰ স্বাৰ্থত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব বুলিও কয় ড০ শ্বাহে। উল্লেখ যে, ইয়াৰ পূৰ্বে ড০ শ্বাহক দাদা চাহেব ফাল্কে আইকন এৱাৰ্ড কৰ্তৃপক্ষই ডুবাইত আইকনিক এৱাৰ্ড-২০২৫ প্ৰদান কৰিছে৷ ড০ শ্বাহৰ ‘লুইতৰ সোঁতত অসমীয়াৰ যাত্ৰা’ আৰু ‘সময় সাগৰত চিন্তাৰ জোৱাৰ’ শীৰ্ষক দুখনকৈ গ্ৰন্থ প্ৰকাশ পাইছে৷ দুয়োখন গ্ৰন্থ সুধী সমাজৰ মাজত ব্যাপকভাবে চৰ্চিত হৈছে৷ নীৰৱে সমাজৰ কাম কৰা শ্বাহক ইতিমধ্যে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন বঁটাৰে সন্মানিত কৰিছে৷ ড০ শ্বাহ পুনৰ আকৌ কয় যে এনেদৰে সন্মান প্ৰদান কৰিলে কাম কৰিবলৈ বেছিকৈ উৎসাহ লাভ কৰো আৰু প্ৰেৰণা পাও৷ সমাজৰ কাম কৰিবলৈ স্বীকৃতিৰ প্ৰয়োজন নাই যদিও এনে স্বীকৃতিয়ে দায়িত্ব বঢ়াই৷ ডিব্ৰুগড় জিলাৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বিশিষ্ট সামজকৰ্মীগৰাকীয়ে সুদীৰ্ঘকাল সমাজৰ বাবে কাম কৰি আহিছে৷ শিক্ষা, সমাজ সংস্কাৰ, ক্ৰীড়া, চাহ জনগোষ্ঠীৰ হকে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱা কৰি আহিছে৷ সামাজিক আৰু শিক্ষামূলক কাৰ্যসূচীৰে জড়িত থাকি শ্বাহে চাহ জনগোষ্ঠীৰ লগতে আন বহু জনগোষ্ঠীৰ মাজতো সক্ৰিয়৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ প্ৰয়াত শিৱকান্ত শ্বাহ আৰু শ্বগীয়া লক্ষীদেৱী শ্বাহৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহে সমাজৰ পিছপৰাসকলৰ হিতৰ বাবে কাম কৰি আহিছে৷ ব্যক্তিগত স্কুল স্থাপন কৰি শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰি আহিছে৷

