30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহাইলাকান্দিৰ নাৰায়ণপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত অট’ৰ যাত্ৰীৰ মৃত্যু গুৰুতৰভাৱে আহত...

হাইলাকান্দিৰ নাৰায়ণপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত অট’ৰ যাত্ৰীৰ মৃত্যু গুৰুতৰভাৱে আহত আন এজন

হাইলাকান্দিৰ নাৰায়ণপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত অট’ৰ যাত্ৰীৰ মৃত্যু গুৰুতৰভাৱে আহত আন এজন
প্ৰীতম দাস হাইলাকান্দি ২৭ জুন :
হাইলাকান্দিৰ বেচিক চৌৰঙ্গী বাইপাছ সংলগ্ন নাৰায়ণপুৰ প্ৰথম খণ্ড অঞ্চলত শনিবাৰে পুৱা সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এখন অট’ৰিক্সাৰ এজন যাত্ৰীৰ মৃত্যু হয়। একেটা দুৰ্ঘটনাত আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ নামি আহে।পুলিচ আৰু স্থানীয় সূত্ৰে জনোৱা মতে আলগাপুৰ চতুৰ্থ খণ্ডৰ বাসিন্দা হুছেইন আহমেদৰ ৩২ বছৰীয়া পুত্ৰ আবু ছুফিয়ান লস্কৰ এখন অট’ৰিক্সাত (নং AS-24 AC-8290) যাত্ৰী হিচাপে যাত্ৰা কৰি আছিল। শনিবাৰে পুৱা প্ৰায় ১০ বজাত বেচিক চৌৰঙ্গী বাইপাছ সংলগ্ন নাৰায়ণপুৰ প্ৰথম খণ্ডত উপস্থিত হোৱাৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে (নং HR-38 AC-6399) অট’ৰিক্সাখনত প্ৰচণ্ড খুন্দা মাৰে।
সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে অট’ৰিক্সাখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীতে আবু ছুফিয়ান লস্কৰৰ মৃত্যু ঘটে। আনহাতে একেখন অট’ৰিক্সাত থকা আলগাপুৰ কাপনাৰপাৰ গাঁৱৰ বাসিন্দা তথা ৩৯ বছৰীয়া আনাৰস বিক্ৰেতা নজমূল হুছেইন বৰভূঞা গুৰুতৰভাৱে আহত হয়। তেওঁক তৎক্ষণাত উদ্ধাৰ কৰি হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় য’ত বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।দুৰ্ঘটনাৰ খবৰ পাই হাইলাকান্দি থানাৰ আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। নিহত আবু ছুফিয়ান লস্কৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত শনিবাৰে আবেলি প্ৰায় ৫ বজাত মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়া হয়। পিছত আত্মীয়-স্বজন আৰু স্থানীয় লোকৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।আৰক্ষীয়ে দুৰ্ঘটনাত জড়িত ট্ৰাকখন আৰু চালকজনক আটক কৰিছে। চালকৰ গাফিলতি নে অধিক বেগৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।ইফালে স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে বেচিক চৌৰঙ্গী বাইপাছত প্ৰায়ে অতিমাত্ৰাৰ বেগত গধুৰ বাহন চলাচল কৰে। ফলত উক্ত পথছোৱাত দুৰ্ঘটনাৰ আশংকা দিনে দিনে বৃদ্ধি পাইছে। ভৱিষ্যতে এনে মৰ্মান্তিক দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে কঠোৰ নজৰদাৰী গতি নিয়ন্ত্ৰণ ব্যৱস্থা আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular