ডিমৌত অসমীয়া যুৱ মঞ্চৰ ৪১ জনীয়া নতুন নগৰ সমিতি গঠন
নেমূগৃৰী পৰা ৰিৰ্পট চিউ কুমাৰ চৌহান দুৰ্নীতিৰ দৰ্পন , ২৭ জুন – ডিমৌত অসমীয়া যুৱ মঞ্চৰ নগৰ সমিতিৰ উদ্যোগত আজি এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। ভাৰপ্ৰাপ্ত সভাপতি ৰমেশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক মিন্টু দাসে উদ্দেশ্য বাখ্যা কৰে । সভাত অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমনি কলিতা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য, কৰ্মপন্থা আৰু সমাজমুখী ভূমিকা সম্পৰ্কে বিশদভাৱে বক্তব্য আগবঢ়ায়। তেওঁ যুৱ সমাজক ঐক্যবদ্ধভাৱে সমাজ তথা জাতিৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে শিৱসাগৰ জিলা সমিতিৰ নৱ-নিৰ্বাচিত শিক্ষা সম্পাদক জান বৰুৱাক ডিমৌ নগৰ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত সৰ্বসন্মতিক্ৰমে যাদৱ গগৈ, যদুমনি কলিতা আৰু জান বৰুৱাক উপদেষ্টা, ৰমেশ বৰুৱাক সভাপতি, দেৱজিত বৰুৱা আৰু মিন্টু কলিতাক কাৰ্যকৰী সভাপতি, মিন্টু দাসক সাধাৰণ সম্পাদক, ডেভিদ দিহিঙীয়া আৰু পংকজ ভৰলুবাক সহকাৰী সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি উৎপল বুঢ়াগোহাঁইকে ধৰি মুঠ ৪১ জনীয়া অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতি গঠন কৰা হয়। সভাত ডিমৌ অঞ্চলৰ বিভিন্ন সামাজিক আৰু উন্নয়নমূলক বিষয়ৰ ওপৰতো বিস্তৃত আলোচনা কৰা হয়। লগতে আগন্তুক দিনত সংগঠনটোৱে নিষ্ঠা, দায়বদ্ধতা আৰু জনস্বাৰ্থক অগ্ৰাধিকাৰ দি কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। সভাৰ শেষত শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমনি কলিতা আৰু শিক্ষা সম্পাদক জান বৰুৱাই নৱগঠিত সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰি সফলতা কামনা কৰে।
নেমূগৰী পৰা চিউ কুমাৰ চৌহানৰ ৰিপোৰ্ট, দুৰ্নীতিৰ দৰ্পন সংৱাদ

