36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসম'অগপ'ত যোগদান কৰিব অসম আন্দোলনৰ নেতা প্ৰাক্তন আই এ এছ বিষয়া হেমেন...

‘অগপ’ত যোগদান কৰিব অসম আন্দোলনৰ নেতা প্ৰাক্তন আই এ এছ বিষয়া হেমেন দাসে

‘অগপ’ত যোগদান কৰিব অসম আন্দোলনৰ নেতা প্ৰাক্তন আই এ এছ বিষয়া হেমেন দাসে

দুৰ্নীতিৰ দৰ্পণ, কংকণ তালুকদাৰ, হাউলী, ৬ মাৰ্চ : অসম আন্দোলনৰ অগ্ৰণী নেতা ,ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া হেমেন দাসে অহা ৮ মাৰ্চত হাউলীত অনুষ্ঠিত হ’বলগীয়া অসম গণ পৰিষদৰ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ এখন বিশাল জনসভাত আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিব।সাংসদ ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ উপস্থিতিত হ’বলগীয়া এই সভাত প্ৰাক্তন বিধায়ক গুনিন্দ্ৰ নাথ দাস ,ভূপেন ৰায় ,প্ৰশান্ত বৰুৱা ,জৌতিশ দাস ,ডক্তৰ মনোৰঞ্জন দাসকে ধৰি দলটোৰ কেবাগৰাকীও বিশিষ্ট নেতা উপস্থিত থাকিব। উল্লেখ যোগ্য যে, অগপ দলত প্ৰথম বাৰৰ বাবে এগৰাকী প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰিব ওলোৱা হেমেন দাস এগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতা হিচাপে বৃহত্তৰ হাউলী অঞ্চলৰ লগতে অবিভক্ত বৰপেটা জিলাক নেতৃত্ব প্ৰদান কৰিছিল ।তেওঁ সামগ্ৰিকভাৱে সমগ্ৰ পশ্চিম অসমত অতি প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই আন্দোলনৰ গুৰি বঠা ধৰিছিল ।যাৰ বাবে তেওঁ ব্যাপক চৰকাৰী নৃশংসতাৰ বলী হব লগীয়া হৈছিল।সেই সময়ৰ কংগ্ৰেছ চৰকাৰে তেওঁৰ ওপৰত ৪২টাকৈ গোচৰ জাপি দিছিল । ‘৮৩ চনৰ নিৰ্বাচনৰ সময়ত সামৰিক বাহিনীয়ে হেমেন দাসক আটক কৰি বৰপেটাৰোডৰ সামৰিক বাহিনীৰ শিবিৰত অতি জঘন্যভাৱে শাৰীৰিক অত্যাচাৰ চলাইছিল ।আনকি ৯০ৰ দশকৰ বিদ্ৰোহী সংগঠনৰ আন্দোলনৰ সময়তো সামৰিক বাহিনীৰ নিৰ্যাতনৰ সম্মুখীন হ’বলগীয়া হৈছিল।আন্দোলনৰ সময়ত তেওঁৰ তথ্য সমৃদ্ধ আৰু তেজাল ভাষণৰ বাবে এই সমগ্ৰ অঞ্চলটোৰ ৰাইজ হিল দল ভাঙি ৰাজপথলৈ ওলাই আহিছিল । ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ স্নাতক হেমেন দাসে বৰপেটাৰোড-হাউলী মহাবিদ্যালয় ,টিহু মহাবিদ্যালয়কে ধৰি কেবাখনো আগশাৰীৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী সু-অভিনেতা,আৰু তাৰ্কিক হিচাপেও তেওঁ নিজৰ প্ৰতিভা দাঙি ধৰিছিল ।অসমৰ কেবাখনো বিখ্যাত প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ লগতে অসমীয়া কথাছবি ‘মানস কন্যা’আৰু সৈনিক শিল্পী ব্ৰজ নাথশৰ্মাৰ ওপৰত নিৰ্মিত তথ্য চিত্ৰখনত নাম ভূমিকাত অভিনয় কৰি যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।তেওঁ সংবাদ সেৱাৰ লগতো সংপৃক্ত হৈ আছিল । ১৯৮৭ চনত অসামৰিক সেৱাত যোগদান কৰাৰ আগতে তেওঁ অসম গণ পৰিষদৰ জন্মলগ্নৰ লগত জৰিত হৈ পৰিছিল ।গোলাঘাটত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰাৰ লগতে দলটোৰ অবিভক্ত বৰপেটা জিলা গঠনত মুখ্য আহবায়কৰ দায়িত্ব পালন কৰিছিল। অতি সম্প্ৰতি তেওঁ বৃহত্তৰ হাউলী আৰু বৰনগৰ অঞ্চলৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট মননশীল ,চিন্তা নায়ক হিচাপে ঘনিষ্ঠ হৈ আছে । যি সময়ত বিভিন্ন মহলত অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ আস্থা কমি আহিছে বুলি চৰ্চা হৈছে ,সেই সময়তে এগৰাকী নিষ্ঠাবান উচ্চ পদস্থ প্ৰাক্তন চৰকাৰী বিষয়া তথা এগৰাকী বিশিষ্ট সমাজ কৰ্মীৰ দলটোত যোগদান অসমত আঞ্চলিকতাবাদ আজিও যে প্ৰাসঙ্গিক আৰু আঞ্চলিকতাবাদ ৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হৈছে। অসম আন্দোলনৰ অগ্ৰণী আৰু নিৰ্যাতিত নেতা হেমেন দাসৰ ৰাজনৈতিক ক্ষেত্ৰ খনলৈ অহাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়ন আৰু সভাপতি তৰুণ চন্দ্ৰ নাথ ,সম্পাদক ধৰণীধৰ দাসে আদৰণি জনোৱাৰ লগতে অসম আন্দোলনৰ সময়ৰ দৰে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা ভূমিকা ৰাজনৈতিক ক্ষেত্ৰ খনতো অধিক সবল ৰূপত সংগঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular