35.5 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমআগন্তুক বিধানসভা নিৰ্বাচনৰ নির্বাচনী আচৰণ বিধি সম্পর্কত দৰং জিলাৰ ৰাজনৈতিক দল সমূ্হৰ...

আগন্তুক বিধানসভা নিৰ্বাচনৰ নির্বাচনী আচৰণ বিধি সম্পর্কত দৰং জিলাৰ ৰাজনৈতিক দল সমূ্হৰ প্রতিনিধিৰে জিলা আয়ুক্তৰ বৈঠক

আগন্তুক বিধানসভা নিৰ্বাচনৰ নির্বাচনী আচৰণ বিধি সম্পর্কত দৰং জিলাৰ ৰাজনৈতিক দল সমূ্হৰ প্রতিনিধিৰে জিলা আয়ুক্তৰ বৈঠক

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৭ মাৰ্চঃ আগন্তক অসম বিধানসভা নির্বাচন জিলাখনত সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। ইতিমধ্যে নির্বাচন সংক্ৰান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে জিলা নিৰ্বাচন বিভাগে। এই প্ৰস্তুতিৰ অংশ হিচাপে আজি দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয় আয়ুষী জৈনৰ সভাপতিত্বত জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দল সমূ্হৰ প্রতিনিধিৰ উপস্থিতিত এখনি জৰুৰী বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত উপস্থিত প্ৰতিনিধিসকলক মনোনয়ন পত্ৰ দাখিলৰ নীতি নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰচাৰ, ৰেলী, ৰাজহুৱা সভা আয়োজনৰ ক্ষেত্ৰত থকা নিয়মাৱলী, নিৰ্বাচনী বিজ্ঞাপনৰ ক্ষেত্ৰত থকা নিৰ্দেশনা, নিৰ্বাচনী ব্যয় নিৰীক্ষণ, আৰ্হি আচৰণ বিধি ইত্যাদি সন্দৰ্ভত বিভিন্ন কোষৰ ন’ডেল বিষয়া সকলে পাৱাৰ পইন্ট প্ৰতিবেদনৰ উপস্থাপনেৰে বিতং ভাৱে অৱগত কৰে। ৰাজনৈতিক দলসমূহে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভতো বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়। বৈঠকত জিলা আয়ুক্তই ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক সকলো নিৰ্বাচনী আচৰণ বিধি পালন কৰি এক শান্তিপূৰ্ণ নিৰ্বাচন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিত কামনা কৰে।আজিৰ এই সভাত জিলা অতিৰিক্ত আয়ুক্ত অনুৰাগ ফুকন, পাৰ্থপ্রতীম বৰুৱা, আৰু পাপৰি দাস, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, সহকাৰী আয়ুক্ত ড° স্মৃতাশ্ৰী বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়া, কেবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু অন্যান্য সংশ্লিষ্টসকল উপস্থিত থাকে। উল্লেখ্য যে-আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে ভাৰতীয় নিৰ্বাচন আয়োগে দৰং জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে-৪৯ নং ছিপাঝাৰ, ৫০ নং মঙলদৈ আৰু ৫১ নং দলগাঁও সমষ্টিৰ বাবে নিয়োগ কৰা ব্যয় পৰ্যবেক্ষক ভাৰতীয় প্ৰতিৰক্ষা হিচাপ সেৱা বিভাগৰ জ্যেষ্ঠ বিষয়া শ্ৰীযুত পুনিত শৰ্মা আজি দৰং জিলাত নিজৰ কৰ্তব্য সম্পাদনৰ বাবে ইতিমধ্যেই আহি উপস্থিত হৈছেহি।

RELATED ARTICLES
Lucknow
light rain
34.9 ° C
34.9 °
34.9 °
46 %
3.3kmh
97 %
Sat
34 °
Sun
34 °
Mon
34 °
Tue
29 °
Wed
29 °

Most Popular