33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমআগৰতলাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

আগৰতলাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

আগৰতলাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১২ মে’: বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সাধাৰণ সভা (২০২৬-২৭)ৰ উদ্বোধনী অনুষ্ঠান ত্ৰিপুৰেশ্বৰী বিদ্যামন্দিৰ, গান্ধীগ্ৰাম, আগৰতলা (ত্ৰিপুৰা)ত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সম্পন্ন হৈ যায়৷ অনুষ্ঠানত পূৰ্বোত্তৰ ক্ষেত্ৰৰ সকলো প্ৰান্তৰ প্ৰতিনিধি আৰু কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানৰ শুভাৰম্ভ দীপ প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে কৰা হয়৷ আদৰণি ভাষণত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড° জগদীন্দ্ৰ ৰায়চৌধুৰীয়ে বাৰ্ষিক প্ৰতিবেদন দাঙি ধৰি বছৰজুৰি সম্পন্ন হোৱা বিভিন্ন কাৰ্যকলাপৰ তথ্য উপস্থাপন কৰে৷ সভাৰ সভাপতিত্ব কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি তথা ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেচৰ গংগা প্ৰসাদ পৰসাঁইয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু ভাৰতীয় জ্ঞান পৰম্পৰা ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ পঞ্চমুখী শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশৰ আহ্বান জনায়৷ মুখ্য অতিথি মহাৰাজ বীৰ বিক্ৰম বিশ্ববিদ্যালয়, ত্ৰিপুৰাৰ উপাচাৰ্য ড° বিভাস দেবে কয় যে বিদ্যা ভাৰতীয়ে পূৰ্বোত্তৰ ভাৰতৰ দুৰ্গম অঞ্চলসমূহত সংস্কাৰযুক্ত আৰু ৰাষ্ট্ৰনিষ্ঠ শিক্ষা প্ৰদানৰ গুৰুত্বপূৰ্ণ কাম কৰি আহিছে৷ তেওঁ শিক্ষাক চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰীয় ঐক্যৰ আধাৰ বুলি অভিহিত কৰে৷ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানৰ উপ-সভাপতি ড° শংকৰ ৰায়ে বিদ্যালয় মূল্যায়ন, প্ৰাক্তন শিক্ষাৰ্থীৰ সংযোগ আৰু সংগঠন বিস্তাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ শিশু শিক্ষা সমিতি, অসমৰ গুৱাহাটী জু-ৰোডস্থিত কাৰ্যালয়ত উত্তৰ অসম প্ৰান্তৰ প্ৰান্তীয় প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়াৰ লগতে অবগত কৰে যে ২০২৬ বৰ্ষৰ “শান্তনু ৰঘুনাথ শেণ্ডে বঁটা” ত্ৰিপুৰেশ্বৰী বিদ্যামন্দিৰৰ জ্যেষ্ঠ আচাৰ্য সঞ্জিত কুমাৰ ঘোষক শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে প্ৰদান কৰা হয়৷ অনুষ্ঠানত “বিভায়ন”, “উৎকৰ্ষ মহোৎসৱ” আৰু “সপ্তশক্তি সংগম স্মাৰিকা” উন্মোচন কৰা হয়৷ বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰীয়ে মূল বক্তব্য আগবঢ়াই সকলো প্ৰতিনিধি আৰু অতিথিক ধন্যবাদ জ্ঞাপন কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular