29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা আৰাৰিয়া – গলগলিয়া খণ্ডত বৈদ্যুতীকৰণ আৰু বিশ্বমানসম্পন্ন...

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা আৰাৰিয়া – গলগলিয়া খণ্ডত বৈদ্যুতীকৰণ আৰু বিশ্বমানসম্পন্ন নিউ জলপাইগুড়ী ষ্টেচনৰ পুনৰ্বিকাশৰ কামকাজ পৰিদৰ্শন

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা আৰাৰিয়া – গলগলিয়া খণ্ডত বৈদ্যুতীকৰণ আৰু বিশ্বমানসম্পন্ন নিউ জলপাইগুড়ী ষ্টেচনৰ পুনৰ্বিকাশৰ কামকাজ পৰিদৰ্শন

মালিগাঁও,পিএন চি,২৪ মে: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে শুকুৰবাৰে আৰাৰিয়া – গলগলিয়া খণ্ডত নিৰ্মাণাধীন বৈদ্যুতীকৰণ কামকাজৰ বিস্তৃত পৰিদৰ্শন কৰাৰ লগতে নিউ জলপাইগুড়ী ষ্টেচনৰ পুনৰ্বিকাশ আৰু উন্নয়নমূলক কামকাজৰ নিৰীক্ষণ কৰে। পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু কাটিহাৰ মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।
এই ভ্ৰমণৰ সময়ত মহাপ্ৰৱন্ধকে ৰেলৱে কৰ্মচাৰীসকলৰ সা-সৰঞ্জাম আৰু পৰিচালন গিয়েৰৰ ৰক্ষণাবেক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে কাটিহাৰ মণ্ডলৰ ৰৌতাৰাত নবনিৰ্মিত বুট লণ্ড্ৰী সুবিধা উদ্বোধন কৰে। শ্ৰীবাস্তৱে এটা বৃক্ষ ৰোপণ অভিযানতো অংশগ্ৰহণ কৰি ফুলৰ পুলি ৰোপণ কৰে, যি উত্তৰ-পূব সীমান্ত ৰেলৱে পৰিৱেশ সুৰক্ষা আৰু সেউজ পদক্ষেপৰ প্ৰতি এই ৰেলৱেৰ দায়বদ্ধতাকে পুনৰ প্ৰতিফলিত কৰে।
মহাপ্ৰৱন্ধকে আৰাৰিয়া – গলগলিয়া খণ্ডত পৰিচালন দক্ষতা বৃদ্ধি, বৈদ্যুতিক ৰেলৰ অবিৰত চলাচল আৰু শক্তি-দক্ষ ৰেলৱে আন্তঃগাঁথনি গঢ়ি তোলাত সহায়ক হোৱাকৈ নিৰ্মাণাধীন বৈদ্যুতীকৰণ কাৰ্যৰ অগ্ৰগতিৰ নিৰীক্ষণ কৰে। যাত্ৰাপথত তেওঁ উইণ্ডো ট্ৰেইলিং পৰিদৰ্শন কৰি ট্ৰেকৰ স্থিতি, চিগনেলিং চিষ্টেম, সেতু, লেভেল ক্ৰচিং গেট আৰু যাত্ৰীৰ সুবিধাসমূহৰো নিৰীক্ষণ কৰে।
নিউ জলপাইগুড়ী ষ্টেচনত শ্ৰীবাস্তৱে বিশ্ব মানসম্পন্ন ষ্টেচন প্ৰকল্পৰ অধীনত নিৰ্মাণাধীন পুনৰ্বিকাশ কামকাজৰো বিস্তৃত পৰিদৰ্শন কৰে। নিউ জলপাইগুড়ী ষ্টেচনক আধুনিক সুবিধা, অত্যাধুনিক প্লেটফৰ্ম, উন্নত যাত্ৰী সেৱা আৰু উন্নত প্ৰচলন ক্ষেত্ৰৰ সৈতে বিশ্ব মানসম্পন্ন ষ্টেচন আৰু আন্তৰ্জাতিক টাৰ্মিনাছ হিচাপে ৰূপান্তৰিত কৰা হৈছে। তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এক আধুনিক সুদক্ষ আৰু যাত্ৰীসকলৰ বাবে ভৱিষ্যতৰ দিশত প্ৰস্তুত এক ভ্ৰমণ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ লক্ষ্যেৰে নিৰ্মাণাধীন পুনৰ্বিকাশৰ কামকাজসমূহৰো নিৰীক্ষণ কৰে।
মহাপ্ৰৱন্ধকে নিৰ্মাণাধীন প্ৰকল্পসমূহৰ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সৰ্বোচ্চ মানদণ্ডৰ মানসম্পন্নতা, সুৰক্ষা আৰু পৰিচালন উৎকৰ্ষতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ অঞ্চলত অবিৰত আধুনিকীকৰণ আন্তঃগাঁথনি উন্নয়ন আৰু এক সুৰক্ষিত, নিৰ্ভৰযোগ্য তথা যাত্ৰী অনুকূল ৰেল সেৱা নিশ্চিতকৰণৰ দিশত তেওঁ ৰেলৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলৰ সমৰ্পণ মনোভাৱ আৰু পেছাদাৰীত্বৰ প্ৰশংসা কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular