35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমঊষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় আৰু অভিনন্দন অনুষ্ঠান

ঊষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় আৰু অভিনন্দন অনুষ্ঠান

ঊষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় আৰু অভিনন্দন অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ, গোলাঘাট দেৰগাঁও,২২মেঃ গোলাঘাট জিলাৰ উষা গৰঙাত ১৯৮৮চনতে প্ৰতিষ্ঠা লাভ কৰা অপ্ৰাদেশীকৃত বিদ্যালয় ঊষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদায় আৰু অভিনন্দন অনুষ্ঠান আয়োজন কৰে। ২০০০চনৰ পৰা বিনাবেতনে ২৬বছৰ পাঠদান কৰি যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰা সহঃশিক্ষয়িত্ৰী ৰুমেনা খাটুনৰ আৰু ২০২৬চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা টিনা পাল আৰু জিঞ্জাসা পাত্ৰক লৈ বিদায় আৰু অভিনন্দন অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানৰ সঞ্চালনা কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা সাংবাদিক পৰাগ বৰুৱাই। সভাৰ আঁতধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত বৰাই। সভাৰ আৰম্ভণিতে সমবেত সংগীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰী সকলে। অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী ৰুমেনা খাতুনক ঊষা গৰঙা মধ্য ইংৰাজী বিদ্যালয় আৰু উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় তৰফৰ পৰা সুঁফৰা, গামোচা,চেলেং, বস্ত্ৰ আৰু অগৰু গছৰ পুলিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে গামোচাৰেই বিদায় সম্ভাষণ জনায়। ইয়াৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিয়ে উত্তীৰ্ণ ছাত্ৰী টিনা পাল আৰু জিঞ্জাসা পাত্ৰক অগৰু পুলি আৰু অভিনন্দন পত্ৰই সম্বৰ্ধনা জনায়। অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক আমিনুজ জামান, প্ৰৱীণ দত্ত, বেলা জাহান, শিক্ষাবিদ কমৰউদ্দিন আহমেদ, সংগীত শিল্পী ৰাম কৃষ্ণ ৰয়, সাংবাদিক জীৱন গগৈ, জয়ন্ত হাজৰিকা, ৰক্তিম হাজৰিকা, কুমুদ বৰা, নৱজিত শইকীয়া ঊষা গৰঙা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তৈয়ুবৰ ৰহমান সহ শিক্ষক -শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular