40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমএকে দিনাই পাঁচটাকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ লাহৰিঘাটৰ মিত্ৰজোটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ: ভোটাৰ...

একে দিনাই পাঁচটাকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ লাহৰিঘাটৰ মিত্ৰজোটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ: ভোটাৰ মহিলা সকলৰ বিপুল সঁহাৰি।

একে দিনাই পাঁচটাকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ লাহৰিঘাটৰ মিত্ৰজোটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ: ভোটাৰ মহিলা সকলৰ বিপুল সঁহাৰি।

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী,২৮ মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনৰ ৰগম বতাহ। সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলে নামি পৰিছে নিজৰ নিজৰ প্ৰচাৰ কাৰ্যত। পিছপৰি থকা নাই মিত্ৰজোট(NDA) অগপৰ মনোনীত প্ৰাৰ্থী তথা এডভ’কেট খলিলুৰ ৰহমানো। লাহৰিঘাটৰ পৰা প্ৰথম বাৰৰ বাবে যুৱ নেতা গৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ বিপুল সঁহাৰি। বিশেষকৈ মহিলা সকলক দেখা গৈছে নেতা জনৰ সমৰ্থনত। নেতা জনৰ প্ৰচাৰ তৎপৰতাৰে ইতিমধ্যে আৰম্ভ হৈছে। ৰাতিপুৱা দহ বজাৰ পৰা ক্ৰমে তিনিচুকীয়াত মুখ্য কাৰ্যালয়ৰ শুভাৰম্ভ কৰাৰ অন্তত টেঙাগুৰি, বগলীপাৰা, গৰম বজাৰ,কাঠনি, ধিঙৰআতি,বৰবড়ি আদি ঠাইত নিৰ্বাচনী প্রচাৰ সভাত উপস্থিত থাকি খলিলুৰ ৰহমানে ৰাইজক সম্বোধন কৰে। আনহাতে ভোটাৰ ৰাইজৰো এইবাৰ চৰকাৰৰ সংগী তথা মিত্ৰজুট, অগপ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা নেতা জনৰ প্ৰতি দেখা যায় উচাহজনক সঁহাৰি। এইবাৰ লাহৰিঘাট সমষ্টিৰ পৰা দীর্ঘ ধৰি চলি থকা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ভোটাৰ ৰাইজে উফৰাই পেলাব বুলি নেতা জনে দাবী কৰে।সমষ্টিটোৰ উন্নয়নৰ বাৰ্তাৰে প্ৰচাৰ চলোৱা নেতা জনে ৰাইজৰ কাষত উপস্থিত হৈ বিগত ২৫ টা বছৰে কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ উদ্ধাৰ কৰিব পাৰিব নে নেতা জনে ? সেয়া সময়ত হব লক্ষণীয়।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular