33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমএনিমেছনৰ জৰিয়তে অসমীয়া ভাষা শিক্ষাৰ অভিনৱ প্ৰয়াস , নগাঁওত জিলা আয়ুক্ত‌ই উন্মোচন...

এনিমেছনৰ জৰিয়তে অসমীয়া ভাষা শিক্ষাৰ অভিনৱ প্ৰয়াস , নগাঁওত জিলা আয়ুক্ত‌ই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

এনিমেছনৰ জৰিয়তে অসমীয়া ভাষা শিক্ষাৰ অভিনৱ প্ৰয়াস , নগাঁওত জিলা আয়ুক্ত‌ই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১০ মে’: আমাৰ শৈশৱৰ সেই আৱেগভৰা ‘কুঁহিপাঠ’ নামৰ কিতাপখনৰ অৰ্থপূৰ্ণ আৰু সোণসেৰীয়া কবিতাবোৰ আজিৰ পাঠ্যক্ৰমৰ পৰা প্ৰায় আঁতৰি গৈছে। যাৰ ফলত নতুন প্ৰজন্মই সেই সুৱদী ভাষা আৰু সুবাস থকা পদ্যসমূহৰ সোৱাদৰ পৰা বঞ্চিত হৈছে। বৰ্তমানৰ শিশুসকল যিহেতু জন্মৰ পৰাই ডিজিটেল মাধ্যম আৰু এনিমেচনৰ প্ৰতি অধিক আসক্ত, সেই সত্যক শিৰোধাৰ্য কৰি নগাঁও জিলাত শিক্ষা বিভাগে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য হ’ল কাৰ্টুন আৰু আকৰ্ষণীয় ভিডিঅ’ চিত্ৰৰ জৰিয়তে সেই কালজয়ী কবিতাসমূহক পুনৰ প্ৰাণৱন্ত কৰি তোলা, যাতে আজিৰ শিশুসকলে নিজৰ মাতৃভাষাৰ প্ৰতি অনুৰাগ গঢ়ি তুলিব পাৰে আৰু অতি সহজতে হৃদয়ংগম কৰিব পাৰে। ​এই বিশেষ লক্ষ্য আগত ৰাখিয়েই জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জলি কটকী আৰু সমাজকৰ্মী নৱনীতা শৰ্মাৰ এক অনন্য চিন্তা আৰু সুন্দৰ প্ৰযোজনাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে “প্ৰজেক্ট কুঁহিপাঠ”। এই মহৎ উদ্দেশ্যক সাৰথি কৰি নগাঁও চহৰৰ ১নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত শণিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি “প্ৰজেক্ট কুঁহিপাঠ”ৰ শুভ উন্মোচন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এই বিশেষ উদ্যোগৰ শলাগ লৈ আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে, অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত এই পদক্ষেপে এক বিশেষ অৱদান আগবঢ়াব। এয়া কেৱল মাত্ৰ বিদ্যাৰ্থীৰ মাজতেই নহয়, বৰঞ্চ অনা-অসমীয়া লোকৰ লগতে প্ৰৱাসী অসমীয়া যিসকলে মাতৃভাষা শিকাৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰ মাজতো এক যোগসূত্ৰ হিচাপে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অঞ্জলি কটকী আৰু নৱনীতা শৰ্মাৰ এই প্ৰয়াসক শলাগ লৈ তেওঁ গৌৰৱান্বিত অনুভৱ কৰা বুলিও মন্তব্য কৰে। ​এই কাৰ্টুন ভিডিঅ’সমূহৰ সামগ্ৰিক পৰিকল্পনা কৰিছে অঞ্জলি কটকীয়ে। প্ৰকল্পটোৰ সংগীত ব্যৱস্থাপনা অমল ডেকাৰ আৰু এনিমেছন গুৱাহাটীৰ পঙ্কজ শৰ্মাৰ। ভিডিঅ’টোত সহযোগী শিশু শিল্পী হিচাপে কণ্ঠদান কৰিছে জীয়া, ৰিয়না, আৰ্হি আৰু ৰিধিয়ে। আনহাতে মূল শিল্পী হিচাপে কণ্ঠ নিগৰাইছে অঞ্জলী কটকী, নৱনীতা শৰ্মা, দুলুমণি শইকীয়া আৰু গৌতম বৰাই। ​উক্ত অনুষ্ঠানটিত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে চাৰিখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কন কন শিক্ষাৰ্থীসকল উপস্থিত থাকে। এই ডিজিটেল যাত্ৰাই অসমীয়া সাহিত্যৰ ঐতিহ্যক আধুনিক পৃথিৱীত পুনৰ প্ৰতিষ্ঠা কৰি শিশুৰ ঘৰে ঘৰে মাতৃভাষা শিকাৰ হেঁপাহ জগাই তুলিব বুলি আশা কৰা হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular