31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমকাছাৰত জব্দ হেৰ’ইন আৰু সুৰা; দুজনক গ্ৰেপ্তাৰ*

কাছাৰত জব্দ হেৰ’ইন আৰু সুৰা; দুজনক গ্ৰেপ্তাৰ*

কাছাৰত জব্দ হেৰ’ইন আৰু সুৰা; দুজনক গ্ৰেপ্তাৰ*
শিলচৰ, পিএনচি ৪ জুন:* কাছাৰৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখালত আৰক্ষীয়ে জব্দ কৰিছে হেৰ’ইন। ইয়াৰ উপৰিও ধলাই থানাৰ অধীনস্থ লাইলাপুৰত জব্দ কৰা হৈছে সুৰা। বুধবাৰে এই জব্দসমূহৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি দিগৰখালত এখন ল’ৰীত তালাচী চলাই ১৭০ গ্ৰাম হেৰ’ইন জব্দ কৰা হৈছে। ১৪টা চাবোনৰ কেচৰ ভিতৰত লুকুৱাই ৰাখি সৰবৰাহ কৰা হৈছিল নিষিদ্ধ সামগ্ৰী। জব্দ কৰাৰ সমান্তৰালকৈ কালাইনৰ নাতানপুৰ অঞ্চলৰ বাসিন্দা আজাদ উদ্দিন নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে আৰক্ষীয়ে লাইলাপুৰত মিজোৰাম অভিমুখী এখন লৰীৰ পৰা ১৪০ কাৰ্টন ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই এম এফ এল) জব্দ কৰে। মেঘালয়ত বিক্ৰীৰ বাবে উদ্দেশ্য কৰা এই সুৰা মিজোৰামলৈ চোৰাংভাৱে লৈ যোৱা হৈছিল। এই সুৰা সৰবৰাহৰ লগত জড়িত সোণাই নিবাসী আনোৱাৰ হুছেইন লস্কৰ নামৰ এক গ্ৰেপ্তাৰ কৰা হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular