38.2 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমকামৰূপৰ বংশৰত ভয়ংকৰ পথ দূৰ্ঘটনাত ঠিতাতে প্ৰাণ হেৰুৱালে হালোগাওঁৰ দুই যুৱকে সংকট...

কামৰূপৰ বংশৰত ভয়ংকৰ পথ দূৰ্ঘটনাত ঠিতাতে প্ৰাণ হেৰুৱালে হালোগাওঁৰ দুই যুৱকে সংকট জনক অৱস্থাত আন এজন যুৱক

কামৰূপৰ বংশৰত ভয়ংকৰ পথ দূৰ্ঘটনাত ঠিতাতে প্ৰাণ হেৰুৱালে হালোগাওঁৰ দুই যুৱকে সংকট জনক অৱস্থাত আন এজন যুৱক

দুৰ্নীতিৰ দৰ্পণ , শুৱালকুছি , ২১ এপ্ৰিল: কামৰূপ জিলাৰ হালোগাওঁ নিৱাসী বিৰাজ হাজৰিকাৰ পুত্র ধ্ৰুৱ জ্যোতি হাজৰিকা আৰু প্ৰয়াত মহৎ কলিতাৰ পুত্র নয়নজ্যোতি কলিতাৰ যোৱা কালি ৰাতি বংশৰত এটা ভয়ানক পথ দূৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱাৰ লগতে মন্দিপ নাথ নামৰ এজন যুৱক মৃত্যুৰ সৈতে চিকিৎসালয়ত যুজ দি আছে। জানিব পৰামতে শুৱালকুছি – পলাশবাৰী দলং নিৰ্মাণৰত কোম্পানী এল এম টিত কৰ্মৰত যুৱক তিনিজন কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই বংশৰ বৰতলত এটি খুটাত বাইকেৰে খুন্দা মৰাত তিনিজন যুৱক অচেতন হৈ পৰি যায়। দুৰ্ঘটনাটোত নয়নজ্যোতি কলিতা আৰু ধ্ৰুৱজ্যোতি হাজৰিকাৰ থিতাতে মৃত্যু হোৱাৰ লগতে মন্দিপ নাথ নামৰ যুৱক জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত স্হানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয় লৈ যায়। অত্যন্ত ভদ্ৰ আৰু নম্ৰ স্বভাৱৰ উদীয়মান যুৱক দুজনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এটা শোকঁৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। অতি কম বয়সতে মৃত্যুক সাৱটি লোৱা যুৱক দুজনে বহুতো আত্মীয়ক ইহ-সংসাৰত এৰি থৈ যায় ।যুৱক দুজনৰ মৃত্যুত হালোগাওঁ সেৱক সংঘ পুথিভঁৰাল, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে প্ৰাক্তন আছুনেতা পংকজ কলিতাই শোক প্ৰকাশ কৰি পৰিয়াললৈ সমেবেদনা জ্ঞাপন কৰে আৰু দুৰ্ঘটনাটোত পতিত হোৱা আন এজন যুৱক মন্দিপ নাথৰ দ্ৰুত গতিত আশু আৰোগ্য কামনা কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
36.7 ° C
36.7 °
36.7 °
43 %
3.2kmh
100 %
Mon
37 °
Tue
36 °
Wed
36 °
Thu
37 °
Fri
34 °

Most Popular