31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমকামৰূপ জিলাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত মাটি স্বত্ব-পত্ৰ বিতৰণ।

কামৰূপ জিলাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত মাটি স্বত্ব-পত্ৰ বিতৰণ।

কামৰূপ জিলাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত মাটি স্বত্ব-পত্ৰ বিতৰণ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১২ মাৰ্চঃ

বন অধিকাৰ আইন, ২০০৬ৰ অধীনত বনাঞ্চলত বসবাস কৰা যোগ্য জনজাতীয় পৰিয়ালসমূহক মাটিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আজি কামৰূপ জিলাৰ বামুনীগাঁৱৰ শান্তি নিজৰা ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত অসমৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগ্য জনজাতীয় পৰিয়ালসমূহক মাজত মাটি স্বত্ব-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলে যুগ যুগ ধৰি প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি জীৱনযাপন কৰি আহিছে আৰু বন সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে উল্লেখ কৰে যে বনাঞ্চলত বসবাস কৰা প্ৰকৃত জনজাতীয় পৰিয়ালসমূহে মাটিৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে বনাঞ্চল সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশতো সমান গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে লগতে সকলোকে বনসম্পদৰ ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায় যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিবেশগত সমতা অক্ষুণ্ণ থাকে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা বন অধিকাৰ সমিতিৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই কয় যে অসমৰ চৰকাৰৰ উদ্যোগত মাটিৰ অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে মুঠ ৬,৪২৭ টা পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিছে। তেওঁ লগতে কয় যে এই ব্যৱস্থাই যোগ্য জনজাতীয় পৰিয়ালসমূহৰ বাবে মাটিৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সামাজিক আৰু আৰ্থিক উন্নয়নতো সহায় কৰিব। অনুষ্ঠানত ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী বিষয়া, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও বন বিভাগৰ বিষয়া, স্থানীয় জনপ্ৰতিনিধিৰ লগতে ভালে সংখ্যক ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular