39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমগুৰুত্বপূৰ্ণ দ্বৈতকৰণ প্ৰকল্পসমূহৰ জৰিয়তে অসমত ৰেলৱেৰ ক্ষমতা বৃদ্ধি

গুৰুত্বপূৰ্ণ দ্বৈতকৰণ প্ৰকল্পসমূহৰ জৰিয়তে অসমত ৰেলৱেৰ ক্ষমতা বৃদ্ধি

গুৰুত্বপূৰ্ণ দ্বৈতকৰণ প্ৰকল্পসমূহৰ জৰিয়তে অসমত ৰেলৱেৰ ক্ষমতা বৃদ্ধি
তিনিচুকীয়া, পিএন চি, ১৭ মাৰ্চ: উত্তৰ-পূৰ্বাঞ্চল ৰেলৱে আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ উন্নয়নৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে যোৱা ১৩ মাৰ্চ তাৰিখে ফৰকাটিং – নিউ তিনিচুকীয়া দ্বৈত ৰেলপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ মুঠ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ আৰু প্ৰায় ৩৬৩৪ কোটি টকা ব্যয়সাপেক্ষে এই গুৰুত্বপূৰ্ণ প্ৰকল্পই উজনি অসম আৰু আশেপাশে থকা অঞ্চলসমূহত ৰেল সংযোগ ব্যৱস্থাক যথেষ্ট উন্নত কৰি পৰিচালনক্ষমতা বৃদ্ধি কৰিব৷ এই প্ৰকল্পৰ কাম পৰিকল্পিতভাৱে আগবঢ়াই নিয়া হৈছে৷ ফৰকাটিং – নিউ তিনিচুকীয়া খণ্ডটো উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ এক গুৰুত্বপূৰ্ণ ৰেল সংযোগ খণ্ড, যি যাত্ৰীবাহী আৰু মালবাহী উভয় পৰিবহণৰ দিশত সেৱা আগবঢ়ায়৷ এই খণ্ডটোৰ দ্বৈতকৰণৰ পৰিণামস্বৰূপে বৰ্তমানৰ চিংগল লাইনত হোৱা যান-জঁট হ্ৰাস পাব, ৰেলৰ পৰিচালন দ্ৰুততৰ, সুগম আৰু অধিক নিৰ্ভৰযোগ্য হ’ব৷ এই প্ৰকল্পই বহু দূৰৱৰ্তী আৰু ইণ্টাৰচিটি সেৱাসমূহক লাভান্বিত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশক সমৰ্থন কৰিব৷ এই খণ্ডৰ কাম বৰ্তমান চলি আছে৷ একেদৰে, লামডিং – ফৰকাটিং দ্বৈত ৰেলপথ প্ৰকল্পও ক্ৰমান্বয়ে আগবাঢ়ি আছে৷ প্ৰায় ১৪০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ লামডিং – ফৰকাটিং খণ্ডটো উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত এক গুৰুত্বপূৰ্ণ ৰেল কৰিডৰ৷ ২০২৪–২৫ বৰ্ষত অনুমোদিত এই প্ৰকল্পৰ আনুমানিক ব্যয় ২১২৩.৭০ কোটি টকা৷ এই প্ৰকল্পৰ লক্ষ্য হৈছে অঞ্চলটোৰ আটাইতকৈ ব্যস্ত চিঙ্গল-লাইন খণ্ডসমূহৰ যান-যঁট হ্ৰাস কৰা৷ সম্পূৰ্ণ হোৱাৰ পিছত এই দ্বৈত ৰেলপথে ৰেলৰ পৰিচালন যথেষ্ট উন্নত কৰি, বিলম্ব হ্ৰাস কৰিব আৰু যাত্ৰীবাহী আৰু মালবাহী উভয়ৰে পৰিবহণক বাধাহীনভাৱে সম্ভৱ কৰি তুলিব৷ এই প্ৰকল্পৰ কাম বৰ্তমানে চলি আছে৷ প্ৰকল্পটো একাধিক পৰ্যায়ত সম্পাদন কৰা হৈছে আৰু ২০২৮ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে৷ মূল সফলতাসমূহৰ ভিতৰত ২০২৬ বৰ্ষৰ মে’ মাহৰ পৰা পৰ্যায়ক্ৰমে কমিছনিং আৰম্ভ হ’ব, য’ত নাওজান – সৰুপথাৰ, ধনশিৰী – ৰঙাপাহাৰ আৰু ডিমাপুৰ সংযোগী খণ্ডসমূহৰ দৰে গুৰুত্বপূৰ্ণ অংশসমূহ অন্তৰ্ভুক্ত থাকিব৷ প্ৰকল্পটোত ১৯খন বৃহৎ সেতু, ১৬১খন সৰু সেতুৰ নিৰ্মাণ আৰু ২০টা ষ্টেচনত উন্নয়নৰ কাম অন্তৰ্ভুক্ত থাকিব, যিয়ে প্ৰকল্পটোৰ ব্যাপকতা আৰু জটিলতাকেই প্ৰতিফলিত কৰে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেই এই কৌশলগত প্ৰকল্পসমূহৰ সময়মতে ৰূপায়ণৰ প্ৰতি দায়বদ্ধ হৈ আছে, যিসমূহে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় ৰেলৱেৰ আন্তঃগাঁথনি আধুনিকীকৰণ আৰু যোগাযোগ উন্নত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular