39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমগুৱাহাটীৰ লালগণেশত নৱনিৰ্মিত ড° শ্যামা প্রসাদ মুখার্জী উৰণ সেতু , আনুষ্ঠানিকভাবে উদ্বোধন...

গুৱাহাটীৰ লালগণেশত নৱনিৰ্মিত ড° শ্যামা প্রসাদ মুখার্জী উৰণ সেতু , আনুষ্ঠানিকভাবে উদ্বোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ লালগণেশত নৱনিৰ্মিত ড° শ্যামা প্রসাদ মুখার্জী উৰণ সেতু , আনুষ্ঠানিকভাবে উদ্বোধন মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাজনৈতিক ইতিহাসত গ্রুপিঙৰ বিৰুদ্ধে ড° মুখার্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰে: মুখ্যমন্ত্ৰী

অসমৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সংকটৰ সময়ত ড° মুখার্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্রিয় বৰদলৈক নৈতিক সাহস প্রদান কৰিছিল: মুখ্যমন্ত্রী

দিছপুৰ, পিএন চি, ২২ মে’ঃ অসমৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজনেৰে মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ লালগণেশত নৱনির্মিত ড° শ্যামা প্রসাদ মুখার্জী উৰণ সেতুখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। উল্লেখ্য যে নির্ধাৰিত ৩০ মাহৰ বিপৰীতে ২৬ মাহতে ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে এই উৰণ সেতুখন নির্মাণ কৰা হৈছে।

এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আজিৰ অনুষ্ঠানটোৱে প্ৰথম ৰাজহুৱা অনুষ্ঠান বুলি মন্তব্য কৰে। তেওঁ কয় যে গুৱাহাটী-গড়ভঙা পথৰ চাইকেল ফেক্টৰী সংযোগস্থলৰ পৰা লালগণেশ বজাৰলৈকে নিৰ্মাণ কৰা আৰু বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ড° শ্যামা প্রসাদ মুখার্জীৰ নামেৰে নামকৰণ কৰা এই উৰণ সেতুখনেই হৈছে চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত মুকলি কৰা ৰাজ্যৰ প্ৰথমখন উৰণ সেতু। অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ দিশত ৰাজ্য চৰকাৰৰ যি স্বপ্ন তাক বাস্তৱায়িতকৰণত আজিৰ দিনটো সদায় এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাক অধিক গতিশীল, সুশৃংখল আৰু আধুনিক ৰূপ প্রদান কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই উৰণ সেতুখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল আৰু গুৱাহাটী-গড়ভঙা পথৰ চাইকেল ফেক্টৰী সংযোগস্থলৰ পৰা লালগণেশ বজাৰলৈকে বিস্তৃত এই বৃহৎ উৰণ সেতু প্রকল্পই মহানগৰীৰ দক্ষিণ-পশ্চিম অংশৰ যোগাযোগ ব্যৱস্থাক নতুন গতি প্রদান কৰিব। প্রায় ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন আজি উদ্বোধন হোৱাৰ পিছত আৰ্য নগৰৰ পৰা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লখৰা অংশলৈকে এক নিৰৱচ্ছিন্ন আৰু দ্রুত যান-বাহন চলাচল নিশ্চিত হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে দৈনিক যাত্ৰীৰ লগতে চিকিৎসা, শিক্ষা আৰু চাকৰিসূত্রে যাতায়াত কৰা হাজাৰ হাজাৰ লোক
এই সেতুখনৰ পৰা বিশেষভাৱে উপকৃত হ’ব। তদুপৰি, বি বৰুৱা কৰ্কট প্রতিষ্ঠান, প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ইতিমধ্যে নির্মাণ হোৱা কেইবাখনো চিকিৎসালয়লৈ ৰোগীসকলে এই সেতুৰে যাতায়াত কৰাত সুবিধা লাভ কৰিব। বেতকুছিত গঢ়ি উঠা সংহত সঞ্চালকালয় কমপ্লেক্সৰ উপৰি বর্ষাপাৰা ক্রিকেট স্টেডিয়ামলৈও এই উৰণ সেতুখনে যাতায়াত সুচল কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে মূল তিনি লেনৰ উৰণ সেতুৰ উপৰি ইয়াৰ তলত দুয়ো দিশে ৬ মিটাৰ প্ৰস্থৰ ছাভিচ ৰোড আৰু ২ মিটাৰ প্ৰস্থৰ আৰ চি চি নলা নিৰ্মাণ কৰা হৈছে, যিয়ে গুৱাহাটী-গড়ভঙা পথত স্থানীয় যান-বাহনৰ চলাচল অধিক সুসংহত আৰু বাধামুক্ত কৰি তুলিব। তেওঁ লগতে সদৰী কৰে যে এই প্ৰকল্পৰ অন্তৰ্গত বর্ষাপাৰা ক্রিকেট স্টেডিয়াম অভিমুখে ৩২০ মিটাৰ দৈৰ্ঘ্যৰ সংযোগ পথো ভৱিষ্যতে নিৰ্মাণ কৰা হ’ব যাতে এই উৰণ সেতুখনৰ ওপৰেৰে ষ্টেডিয়ামলৈ যোৱাটো সম্ভৱ হৈ উঠে। তদুপৰি চাইকেল ফেক্টৰী অভিমুখেও ৩৩০ মিটাৰ দৈৰ্ঘ্যৰ এক মধ্যৱৰ্তী পথ নিৰ্মাণৰ ব্যৱস্থা ৰখা হৈছে, যিয়ে ভৱিষ্যতৰ যান-বাহনৰ চাপ নিয়ন্ত্ৰণত সহায়ক হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষত ‘এখন ৰাষ্ট্ৰ, এখন পতাকা, এখন সংবিধান’ৰ বাবে নিজৰ জীৱন বিসর্জন দিয়া মহান ৰাষ্ট্ৰনেতা ড° শ্যামা প্রসাদ মুখার্জীৰ নামত নৱনির্মিত এই উৰণ সেতুখন উৎসৰ্গা কৰা হৈছে। ড° শ্যামা প্রসাদ মুখার্জী আৰু তেওঁৰ পিতৃ আশুতোষ মুখার্জীৰ অসমৰ সৈতে থকা সু-সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কলিকতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাত অসমীয়া ভাষা প্রতিষ্ঠাৰ মূল বৰেণ্য ব্যক্তিগৰাকী আছিল শ্যামা প্রসাদ মুখার্জীৰ পিতৃ ছাৰ আশুতোষ মুখার্জী। ১৯১৮ চনত কটন কলেজ পৰিদৰ্শনলৈ আহি ছাৰ আশুতোষ মুখার্জীয়ে হেমচন্দ্র গোস্বামীক অসমীয়া সাহিত্যৰ আদি আৰু মধ্যযুগৰ নিদৰ্শনসমূহ গোটাবলৈ কৈছিল আৰু ১৯১৯ চনত সত্যনাথ বৰাৰ পুত্র অম্বিকানাথ বৰাক কলিকতা বিশ্ববিদ্যালয়ত নিযুক্তি দিছিল। মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে ছাৰ আশুতোষ মুখার্জীৰ পুত্ৰ ড° শ্যামা প্রসাদ মুখার্জীৰ উদ্যোগত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত বিদ্যালয় পর্যায়ত, মাতৃভাষা মাধ্যমত পঠন পাঠন, বিশেষকৈ প্রৱেশিকা পৰীক্ষাৰ প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। ড° শর্মাই কয়- ‘অসমীয়া ভাষাক দশম মানলৈ পৰীক্ষা বা মাতৃভাষা হিচাপে মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছিল শ্যামা প্রসাদ মুখার্জীৰ পৰম আগ্রহত। তেতিয়া তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আছিল। একপ্ৰকাৰ মেট্ৰিকত অসমীয়া মাধ্যমৰ অন্তর্ভুক্তিৰ মূল ব্যক্তিগৰাকী আছিল শ্যামা প্রসাদ মুখার্জী। কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত জে বি কলেজৰ স্বীকৃতি লাভৰ আঁৰত মূল ব্যক্তিগৰাকীয়ে আছিল ড° শ্যামা প্রসাদ মুখার্জী।’ মুখ্যমন্ত্রীয়ে লগতে কয় যে জে বি কলেজৰ উপৰি অসমৰ বাবে এখন স্বতন্ত্র বিশ্ববিদ্যালয় স্থাপনৰ দাবীক ড° মুখার্জীয়ে দৃঢ়ভাৱে সমর্থন কৰিছিল। তেওঁ জাতিৰ স্বকীয় সাংস্কৃতিক আৰু বৌদ্ধিক পৰিচয়ক স্বীকৃতি দিছিল আৰু অসমৰ চাহিদা আৰু বৈশিষ্ট্যৰ অনুৰূপ এখন বিশ্ববিদ্যালয় স্থাপনৰ আকাংক্ষাক সমর্থন কৰিছিল। তেওঁ লগতে কয়- ‘মুখার্জীয়ে মত প্রকাশ কৰিছিল যে ভাষা, নৃতত্ত্ব, ভূতত্ত্ব, উদ্ভিদ বিজ্ঞান আৰু বনবিদ্যাৰ দৰে বহু বিশেষ অধ্যয়নৰ ক্ষেত্ৰ অসমত বিদ্যমান, যিবোৰৰ বিশেষ শৈক্ষিক গুৰুত্ব আছে। ড° মুখার্জীৰ মতে, অসমত এখন বিশ্ববিদ্যালয় গঢ় লৈ উঠিলে ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ লগতে অঞ্চলটোৰ বিশেষ বিষয়সমূহৰ ওপৰত উন্নত গৱেষণাৰ এক জাতীয় গুৰুত্বসম্পন্ন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। এক সংকটময় সময়ত তেওঁৰ সমর্থনে বিশ্ববিদ্যালয় আন্দোলনক বিপুল নৈতিক শক্তি প্রদান কৰিছিল। যি সময়ত জনসাধাৰণৰ উৎসাহ কেতিয়াবা স্তিমিত হৈ পৰিছিল আৰু বিশ্ববিদ্যালয়
স্থাপনৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি হৈছিল, সেই সময়ত ড° মুখার্জীৰ দৰে বিশিষ্ট ব্যক্তিত্বৰ সমৰ্থনে অসমৰ জনসাধাৰণৰ মাজত নতুন আত্মবিশ্বাস জগাই তুলিছিল।’

মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে শৈক্ষিক ক্ষেত্ৰৰ উপৰি অসমৰ ৰাজনৈতিক ক্ষেত্রখনতো শ্যামা প্রসাদ মুখার্জীয়ে এক অম্লান চাপ পেলাই গৈছে। পশ্চিমবংগৰ উপৰি দেশ বিভাজনৰ সময়ত অসমখন ভাৰতৰ অন্তর্ভুক্ত কৰি ৰখাৰ ক্ষেত্ৰত শ্যামা প্রসাদ মুখার্জীৰ সমৰ্থন লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু অসমৰ ৰাইজৰ বাবে সহায়ক হৈছিল। ১৯৪০-৪১ চনৰ অস্থিৰ সময়ছোৱাত, যেতিয়া অসমে তীব্ৰ ৰাজনৈতিক অনিশ্চয়তা আৰু জনসংখ্যাগত তথা সাম্প্রদায়িক বিষয়ত উদ্বেগৰ সন্মুখীন হৈছিল, তেতিয়া ড° মুখার্জীয়ে দৃঢ়ভাবে অসমৰ জনসাধাৰণৰ কাষত থিয় দিছিল। ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ১৯৪১ চনত অসম প্রাদেশিক মুছলিম লীগে পাকিস্তান প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত সমগ্র অসমত উদ্বেগ আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত হিন্দু মহাসভাৰ নেতা ড° মুখার্জীয়ে অসম ভ্রমণ কৰি জনসাধাৰণক মনোবল নেহেৰুৱাবলৈ আহ্বান জনাইছিল। ১৯৪১ চনৰ ৮ জুলাইত পানবজাৰ হৰি সভাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি ড° মুখার্জীয়ে হিন্দুসকলৰ ঐক্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ আহ্বানত বীৰ দামোদৰ সাভাৰকাৰে ১৯৪১ চনৰ নৱেম্বৰ মাহত অসম ভ্ৰমণ কৰিছিল আৰু গুৱাহাটী, যোৰহাট, ডিব্রুগড আৰু শ্বিলঙত কেইবাখনো সভাত অংশগ্রহণ কৰিছিল। এই ভ্রমণকালত তেওঁ অসমৰ জনসংখ্যা গণনাৰ পদ্ধতিৰ সমালোচনা কৰি ভাৰত চৰকাৰক অসম চৰকাৰে প্ৰস্তুত কৰা পৰিসংখ্যা বাতিল কৰি ন্যায়সঙ্গত আৰু স্বচ্ছভাৱে গণনাৰ প্রক্রিয়া সম্পন্ন কৰাৰ আহ্বান জনাইছিল। তেওঁ লগতে কয় যে ১৯৪১ চনত ড° মুখার্জীয়ে ৰাজ্যখনৰ বাবে অতি স্পৰ্শকাতৰ সময়ত অসম ভ্রমণ কৰিছিল। জনসাধাৰণৰ সৈতে প্রত্যক্ষভাৱে মত বিনিময় কৰি আৰু তেওঁলোকৰ উদ্বেগ-উৎকণ্ঠাক স্বীকৃতি দি ড° মুখার্জীয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত নৈতিক সাহস আৰু আত্মবিশ্বাস দৃঢ় কৰিছিল। ড° শৰ্মাই কয়- ‘অসমৰ ৰাজনৈতিক ইতিহাসত গ্রুপিঙৰ বিৰুদ্ধে ড° মুখার্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। গ্রুপিঙৰ বিৰুদ্ধে শৰৎ চন্দ্ৰ বসু আৰু শ্যামা প্রসাদ মুখার্জীয়ে যুগুত কৰা বিভিন্ন নথি-পত্রই লোকপ্রিয় গোপীনাথ বৰদলৈক তেওঁৰ অসমৰ হকে কৰা সংগ্ৰামখনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল। ড° মুখার্জীৰ ৰাজনৈতিক জীৱন আদর্শনিষ্ঠা, দেশপ্রেম, নৈতিক সাহস আৰু জাতীয় স্বাৰ্থৰ প্ৰতি অকুণ্ঠ প্রতিশ্রুতিৰে পৰিপূৰ্ণ আছিল। তেওঁ আছিল এগৰাকী অসমপ্রেমী। যিয়ে এগৰাকী বঙালী ভদ্রলোক হোৱাৰ পিছতো মুকলিভাৱে অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি যোগাইছিল। অসমৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সংকটৰ সময়ত ড° মুখার্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্রিয় গোপীনাথ বৰদলৈক নৈতিক সাহস প্রদান কৰিছিল।’ এনে এগৰাকী ব্যক্তিৰ নামত আজি মুকলি হোৱা উৰণ সেতুখন উচৰ্গা কৰি গৌৰৱ অনুভৱ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

ভাষণত মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰাৰ কথা উল্লেখ কৰি বিগত কার্যকালত গুৱাহাটীৰ ছুপাৰমার্কেট, আৰ্যনগৰ, মালিগাঁও, আৰ জি বৰুৱা পথত শ্রদ্ধাঞ্জলি উৰণ সেতু, ভূটনাথৰ পৰা মাছখোৱালৈ ব্ৰহ্মহ্মপুত্ৰৰ দক্ষিণপাৰত এলিভেটেড কৰিডোৰ, জি এছ ৰোডত ভগদত্ত উৰণ সেতু, পানীখাইটীৰ ৰে’লৱে ক্ৰছিঙৰ ওপৰত জয়ন্ত হাজৰিকা উৰণ সেতু, পানবজাৰৰ পুৰণি ৰে’লৱে উৰণ সেতুৰ স্থানত নতুন উৰণ সেতু, ভৰলুমুখত
উৰণ সেতু আৰু দীঘলীপুখুৰীৰ পৰা নুনমাটিৰ এফ চি আই গুদামৰ কাষলৈ নিৰ্মাণ কৰা মহাৰাজ পৃথু উৰণ সেতুৰ কথা উল্লেখ কৰে। আজি এই উৰণ সেতুখন উদ্বোধন হোৱাৰ লগে লগে গুৱাহাটীত লোকনির্মাণ বিভাগে নিৰ্মাণ কৰি থকা সকলোবোৰ উৰণ সেতু প্রকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিল বুলিও তেওঁ কয়। ভাষণত মুখ্যমন্ত্রীয়ে সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিপুল সংখ্যক আসনেৰে জয়ী কৰোৱাৰ বাবে জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্রদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দিল্লু ৰঞ্জন শৰ্মা, ড° তপন দাস, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি কেইবাগৰাকীও শীর্ষ বিষয়া তথা গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular