33.4 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমগুৱাহাটী অভিমুখে যোৱা এম্বুলেন্সৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ: হাজোত তিনি ড্ৰাগছ...

গুৱাহাটী অভিমুখে যোৱা এম্বুলেন্সৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ: হাজোত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

গুৱাহাটী অভিমুখে যোৱা এম্বুলেন্সৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ: হাজোত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

দুৰ্নীতিৰ দৰ্পণ হাজো ২১মে,কামৰূপৰ হাজো থানাৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলা এক ড্ৰাগছ বিৰোধী সফল অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ এখন এম্বুলেন্স জব্দ কৰে। এই ঘটনাত আৰক্ষীয়ে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি, ২০ মে’ৰ নিশা এক গোপন সূত্ৰৰ ভিত্তিত হাজো আৰক্ষীয়ে তথ্য লাভ কৰে যে AS14AC1558 নম্বৰৰ এখন এম্বুলেন্সত দলৈতোলা অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ প্ৰস্তুতি চলোৱা হৈছে। এই তথ্য লাভ কৰাৰ পিছতে হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নিৰ্দেশত আৰক্ষীৰ এটি বিশেষ দলে হাজো-গুৱাহাটী পথৰ শিঙিমাৰী চকত এক তীব্ৰ নাকাবন্দী গঢ়ি তোলে । অভিযানকাৰী দলটোৱে পথছোৱাত সন্দেহযুক্ত এম্বুলেন্সখন অৱৰোধ কৰিবলৈ সক্ষম হয়। স্থানীয় স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত বাহনখনত তালাচী চলাই আৰক্ষীয়ে দুটা প্লাষ্টিকৰ চাবোনৰ বাকচৰ পৰা ২৫.৭ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। থিতাতে ড্ৰাগছখিনিৰ লগতে এম্বুলেন্স বাহনখনো আইনগতভাৱে জব্দ কৰা হয়।এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত থিতাতে তিনিজন গৰিকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
ধৃত অভিযুক্ত কেইজন হ’ল বৰপেটাৰ আমিৰ খান (৩০), কামৰূপ মহানগৰৰ আমাল উদ্দিন আহমেদ (৩৫) আৰু বাসুদেৱ বৰা (৩৯)।বৰ্তমান ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ড্ৰাগছ বিৰোধী আইন (NDPS Act, 1985) ৰ অধীনত হাজো থানাত এক নিয়মীয়া গোচৰ ৰুজু কৰি আৰক্ষীয়ে প্ৰতিষ্ঠানিক তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.8 ° C
32.8 °
32.8 °
54 %
2.1kmh
100 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
37 °
Fri
34 °

Most Popular