33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগোলাঘাটৰ আঠখেলীয়া সৰুকছাৰী প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান

গোলাঘাটৰ আঠখেলীয়া সৰুকছাৰী প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান

গোলাঘাটৰ আঠখেলীয়া সৰুকছাৰী প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ, গোলাঘাট দেৰগাঁও,২৪ মেঃ গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত আঠখেলীয়া অঞ্চলৰ ১২নং সৰুকছাৰী প্ৰাথমিক বিদ্যালয়ত আঠখেলীয়া গাঁও পঞ্চায়তৰ ৫ নং সৰুকছাৰী ৱাৰ্ড আৰু ১২ নং সৰুকছাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত তথা সহযোগত সংশ্লিষ্ট ৱাৰ্ডটোৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।‌ অনুষ্ঠানত যুৱ সমাজকৰ্মী জনপ্ৰতীম বৰা, সমাজকৰ্মী গুণিন শইকীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা বৰুৱা, প্ৰতিদিন টাইমৰ বৰহোলাৰ সাংবাদিক কুমুদ বৰা, সদৌ চুতীয়া জাতি সন্মিলন,অসম গোলাঘাট জিলা সমিতিৰ সভাপতি কিনাৰাম শইকীয়া,ৱাৰ্ড সদস্যা গীতাঞ্জলি শইকীয়াকে আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি শিক্ষাৰ্থী, অভিভাৱক সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ কৃৰ্তী শিক্ষাৰ্থীসকলক অভিনন্দন পত্ৰ, ফুলাম গামোচা অভিনন্দন জ্ঞাপন কৰা হয়।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular