30 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমগোসাঁইগাঁও ৰেল ষ্টেচনত কামাখ্যা- চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ’ ট্ৰেইনৰ উষ্ম আদৰণি: সোণকোষ...

গোসাঁইগাঁও ৰেল ষ্টেচনত কামাখ্যা- চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ’ ট্ৰেইনৰ উষ্ম আদৰণি: সোণকোষ নদীৰ ওপৰত আৰ চি চি দলং আৰু গোসাঁইগাঁও চাৰিআলিত আধুনীক উৰনীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাত উৎফল্লিত ৰাইজ:

গোসাঁইগাঁও ৰেল ষ্টেচনত কামাখ্যা- চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ’ ট্ৰেইনৰ উষ্ম আদৰণি: সোণকোষ নদীৰ ওপৰত আৰ চি চি দলং আৰু গোসাঁইগাঁও চাৰিআলিত আধুনীক উৰনীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাত উৎফল্লিত ৰাইজ:

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ১৪ মাৰ্চ: আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিটিচি আন্তঃগাঁথনি উন্নয়ন আৰু উত্তৰপুৰ্বাঞ্চলৰ ৰেল সেৱা উন্নয়নৰ বাবে কেইবাটাও অভিলাষী আচঁনিৰ ভাৰ্চুৱেল মাধ্যম যোগে আধাৰশিলা স্থাপন কৰে৷ উক্ত কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি গোসাঁইগাঁও ৰেল ষ্টেচনত কামাখ্যা- চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ’ ট্ৰেইনৰ চালক সকলক উষ্ম আদৰণি জনোৱা হয়৷ উক্ত কাৰ্য্যসূচীত গোসাঁইগাঁও মহকুমাধিপতি লাউৰেবাম নেলচন মাংগাচাৰ লগতে আলিপুৰদুৱাৰ ৰেল ডিভিজনৰ ডিভিজনেল ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ ৰাম নিৱাস চাইনি, ইউ পি পি এল’ৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি অৰিন্দম বসুমতাৰীৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকি কামাখ্যা- চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ’ ট্ৰেইনৰ গোসাঁইগাঁও ষ্টোপেজ ফ্লেগ অফ কৰা হয়৷ ইয়াৰোপৰি বিটিচি’ৰ আন্তঃগাঁথনি উন্নয়নৰ অন্তৰ্গত গোসাঁইগাঁও সংলগ্ন সোণকোষ নদীৰ ওপৰত প্ৰায় ২৭৫ কৌটি টকা ব্যায় সাপেক্ষে আৰ চি চি দলং নিৰ্মাণ আৰু গোসাঁইগাঁও সদৰ চহৰৰ চাৰিআলিত প্ৰায় ৩৫ কৌটি টকা ব্যায় সাপেক্ষে আধুনিক উৰনীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি গোসাঁইগাঁও বাসী ৰাইজৰ দীৰ্ঘদিনীয়া দুৰনীবৰ্তি ৰেল ষ্টোপেজ প্ৰদান কৰাত উৎফল্লিত হয় আৰু প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
31.2 ° C
31.2 °
31.2 °
65 %
7.9kmh
96 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
29 °

Most Popular