চৰাইদেউত বনবিভাগৰ নাকৰ তলেৰে চলিছে জৈৱ বৈচিত্ৰ্য ধ্বংস অবৈধ মাটি খনন – ৰমৰমীয়া ব্যৱসায় -কানুবাৰী উপশাখা আটছাৰ সভাপতি ডাম্পাৰৰ চেপাত থিতাতে মৃত্যু
বিয়াগোম বন বিভাগ – ভূ – ফাফিয়াৰ গোপন মিতিৰালি
কাৰ ছত্ৰছায়াত অব্যাহত আছে চিলিং উদ্বৃত্ত ভূমিত অবাধ খনন অবৈধ মাটি খনন আৰু ডাম্পাৰৰ অতপালি বন্ধ – উচিত তদন্ত – ক্ষতিপূৰণৰ দাবী আটছা স্হানীয় ৰাইজ দল সংগঠনৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ ৩০ এপ্ৰিল ২০২৬ : চৰাইদেউ দাদাগিৰি – গুণ্ডাগিৰি দেখুওৱা বিয়োগোম বন বিভাগৰ ভূ – মাফিয়াই পেণ্টৰ পকেটত ভৰাই অবৈধ ভাৱে চিলিং উদ্বৃত্ত ভূমিত অবৈধভাৱে অবাধ খনন কৰি মাটি কঢ়িওৱা ডাম্পাৰৰ চকাৰ তলত মানুহৰ মূৰ পিষ্ট কৰি টকা ঘটাৰ দৌৰত নামি পৰিছে। বন বিভাগক ভূ – মাফিয়াই হাতৰ মুঠিত ৰাখি পেণ্টৰ পকেটত ভৰাই যি মন যায় তাকে কৰাত উঠিপৰি লাগি অবাধ হাৰত ভূমি খনন কৰি জৈৱ বৈচিত্ৰ্য ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। দূৰাত্ম্য বাঢ়িছে অবৈধ মাটি কঢ়িওৱা ডাম্পাৰৰ । যাৰ ফলত ডাম্পাৰৰ চেপাত মৃত্যু মুখত পৰিব লগা হৈছে সাধাৰণ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ব্যক্তি। যোৱা ২৮ এপ্ৰিলৰ দিনা সন্ধিয়া প্ৰায় ৫ ° ৩০ বজাত অবৈধ ভাৱে মাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ চেপাত লুখুৰাখন গাৱৰ হৰেণ ৰাজুৱাৰ নামৰ ব্যক্তিৰ মৃত্যু হয় । ডাম্পাৰৰ চেপাত হৰেনৰ মূৰটো গুঢ়ি হৈ যায়। ফলত ব্যক্তি জন থিতাতে মৃত্যু ঘটে মুখত পৰে। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ খনৰ চালক ঠু্ংৰু কুৰ্মীয়ে তীব্ৰ গতিৰে মাটি ভৰ্তি ডাম্পাৰ সহ পলাবলৈ চেষ্টা কৰে । ডাম্পাৰখনে তীব্ৰ গতিৰে পলায়ন কৰাৰ সময়ত ৰাজুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ ওচৰত গাঁৱৰে আৰু দুজন ব্যক্তিক খুন্দিয়াব বিচাৰিছিল যদিও ব্যক্তি দুজনে ৰাস্তাৰ পৰা দাতিলৈ জপিয়াই কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰে। ৰাইজে ডাম্পাৰ খনৰ পাছে – পাছে খেদি শ্যাম গাঁও চাৰিআলিত চালকসহ ডাম্পাৰ খন কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকসহ ডাম্পাৰ খন জব্দ কৰি সোণাৰি আৰক্ষী থানালৈ লৈ যায়। বাতৰি লেখা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা ডাম্পাৰ চালক ঠুংৰুক সোণাৰি আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিছে । দুৰ্ঘটনাৰ দিনা অবৈধ ভাৱে দুখন ডাম্পাৰে মাটি কঢ়িয়াই আছিল । প্ৰত্যক্ষদৰ্শী গাওবাসীৰ অভিযোগ অবৈধ মাটি কঢ়িওৱা এখন ডাম্পাৰৰ নাম্বাৰ প্লেট নাছিল । আৰক্ষীয়ে অবৈধ মাটি কঢ়িওৱা ডাম্পাৰৰ এখন ডাম্পাৰ জব্দ কৰাৰ বিপৰীতে আনখন ডাম্পাৰৰ বিৰুদ্ধে আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষৰ উপৰিও বন বিভাগৰ ফালৰ পৰা উক্ত অবৈধ মাটি কঢ়িওৱা দ্বিতীয় খন ডাম্পাৰ বিচাৰি উলিয়াবই বিহীত ব্যৱস্হা গ্ৰহণৰ দাবী তুলিছে। টনাস্হলীত এই প্ৰতিবেদক উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ লগত কথা বাৰ্তা হোৱাত জিলা খনৰ বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ অধীনৰ বালিজান গ্ৰাণ্টৰ চিলিং উদ্বৃত্ত ভূমিত
দীৰ্ঘ দিনৰ পৰা অবৈধ ভাৱে পাহাৰ খান্দি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি ভূ – মাফিয়া চক্ৰই ৰমৰমীয়া ব্যৱসায় ব্যৱসায় চলাই আছে বুলি জানিবলৈ দিয়ে। মৃত হৰেন ৰাজুৱাৰৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ বন বিভাগৰ লগতে সংশ্লিষ্ট বিভাগ মেনেজ কৰি ভূ – মাফিয়া চক্ৰই কানুবাৰী বালিজান গ্ৰাণ্টৰ চিলিং উদ্বৃত ভূমি অবাধ গতিৰে নিজৰ খেয়াল – খুচি মতে গাৱৰ ৰাইজক দাদাগিৰি দেখুৱাই অবৈধ মাটিৰ ব্যৱসায় অব্যাহত ৰাখিছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৮ এপ্ৰিলত কানুবাৰী উপ শাখাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ প্ৰাক্তন সভাপতি লুখুৰাসন গাৱৰ হৰেন ৰাজুৱাৰ বাৰীৰ সীমাতে প্ৰতিবেশী এজন ব্যক্তিৰ ভূমিৰ লগতে ৰাজুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰে আন এজন ব্যক্তিৰ বাৰীত দুখন ডাম্পাৰে মাটি কঢ়িয়াই আনি পেলাই আছিল। উক্ত দিনা বালিজান গ্ৰাণ্টৰ চিলিং উদ্বৃত মাটি জেচিবিৰে মাটি খান্দি জলাহ গাৱৰ মনদ্বীপ গগৈ ( চুপু ) নামৰ ব্যক্তিজনৰ দুখন ডাম্পাৰে দিনটো মাটি কঢ়িওৱা কায্যত ব্যৱহাৰ কৰিছিল। লুখুৰাসন গাৱৰ স্হানীয় প্ৰত্যক্ষদৰ্শী ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা উক্ত দুয়োখন ডাম্পাৰে তীব্ৰ গতিৰে চলাই অবৈধ মাটিৰ ব্যৱসায় চলাই আছে। ৰাইজে উক্ত অবৈধ মাটি খনন আৰু সৰবৰাহ কৰি ব্যৱসায় কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় আহিছে যদিও ভূ – মাফিয়াই গাওঁবাসীক বিভিন্ন প্ৰকাৰে ভয় – ভাবুকি দি আহিছে। ঘটনাৰ দিনা উচ্চতৰ মাধ্যমিক পৰীক্ষাত লুখুৰাসন গাৱৰ বহু কেইজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল। হেই হেতুকে গাঁৱৰ লোকসকল পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰী সকলৰ ঘৰে – ঘৰে গৈ খবৰ লোৱাত ব্যস্ত আছিল। হৰেন ৰাজুৱাৰেও ঘৰত মাকক মাত লগাই ৰাজুৱাৱ প্ৰাথমিক বিদ্যালয়ৰ ফালে এখন বাইচাইকেল লৈ ওলাই গৈছিল। পৰিয়ালে জনোৱা মতে খুব কম সময়ৰ ভিতৰতে হৰেন ঘৰমূৱা হৈছিল আৰু ঘৰলৈ উভতি আহোঁতে ঘৰৰ পৰা এশ মিটাৰ মান দূৰত্বত বিপৰীত দিশত পৰা আহি থকা ৰাজুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ দিশলৈ তীব্ৰ গতিৰে গৈ থকা মাটি কঢ়িওৱা এখন ডাম্পাৰৰ খুণ্ডাত হৰেনৰ ঘটনাস্থলীতে মৃত্যু হয়। হৰেনৰ মৃত্যুত পৰিয়ালৰ লগতে গাঁওবাসী শোকত ম্ৰিয়মান হৈ পৰিছে।ঘৰখনৰ একমাত্ৰ উপাৰ্জক্ষম ব্যক্তি হৰেন ৰাজুৱাৰৰ মৃত্যুত পৰিয়ালৰ মাক, ভায়েক,বোৱাৰীয়েক, দদায়য়েকে চাৰিওফালে অন্ধকাৰ দেখিছে। এই দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে আটছাকে আদি কৰি কেইবাটাও গণসংগঠনে। অবৈধ মাটি খনন লগতে অবৈধ মাটিৰ ব্যৱসায় বন্ধ কৰাৰ উপৰিও মৃত হৰেন ৰাজুৱাৰৰ পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্তৰ দাবী জনাইছে।

