26.1 C
New Delhi
Wednesday, May 13, 2026
spot_img
Homeঅসমচৰাইদেউত সহকাৰী শিক্ষক আৰিফুল ইছলামে শ্ৰেণী কোঠাত বৰ্বতাৰে অত্যাচাৰ চলালে ছাত্ৰ -...

চৰাইদেউত সহকাৰী শিক্ষক আৰিফুল ইছলামে শ্ৰেণী কোঠাত বৰ্বতাৰে অত্যাচাৰ চলালে ছাত্ৰ – ছাত্ৰী ওপৰত

চৰাইদেউত সহকাৰী শিক্ষক আৰিফুল ইছলামে শ্ৰেণী কোঠাত বৰ্বতাৰে অত্যাচাৰ চলালে ছাত্ৰ – ছাত্ৰী ওপৰত

জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান – আটছাৰ – বিহীত ব্যৱস্হাৰ দাবী অন্যথা বিদ্যালয়ত তলা বন্ধ কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা চৰাইদেউ ১৩ মে ২০২৬ : আপোনাৰ সন্তানক ভৱিষ্যত জীৱনৰ বাবে সুৰক্ষিত ভাৱে মানৱ সম্পদ হিচাপে গঢ়িবলৈ বিদ্যালয়লৈ পথাই আপুনি ঘৰত নিচিন্ত হৈ আছে নেকি ? বিদ্যালয়লৈ পঢ়িবলৈ পথোৱা আপোনাৰ কণমানি ছাত্ৰী বা ছাত্ৰ গৰাকীৰ জীৱন যিকোনো মূহুৰ্তত একাংশ শিক্ষাগুৰুৰ হাতত বৰ্বৰ আক্ৰমণ বলী হ’ব পাৰে। তেনে এটা সত্য ঘটনা পোহৰলৈ আহিছে।চৰাইদেউ জিলাত পুনৰ পোহৰলৈ আহিছে বেতনভোগী শিক্ষকৰ অমানবীয় উগ্ৰ মানসিকতাৰ স্পষ্ট প্ৰতিফলন। শ্ৰেণী কোঠাৰ ভিতৰত পাঠদানৰ সময়ত শিক্ষকে ঘটাইছে অমানৱীয় জঘন্য কাণ্ড। উল্লেখ কৰা প্ৰয়োজন চলিত বৰ্ষতে যোৱা ৯ মাৰ্চ তাৰিখে চৰাইদেউ জিলাৰ সাপেখাটী শিক্ষা খণ্ডৰ অধীনৰ বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট আৰক্ষী থানাৰ এলেকাধীন দ্বিতীয় শ্ৰেণীৰ অধ্যয়নৰত এগৰাকী ছাত্ৰীক উপৰ্যুপৰি বেত্ৰাঘাত কৰা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। জিলা খনৰ সাপেখাটী শিক্ষা খণ্ডৰ অধীনৰ বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট আৰক্ষী থানাৰ এলেকাধীন মহালক্ষী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰে বিদ্যালয় খনৰ ছয় সাত গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠদান দিব নোৱাৰৰ বাবে বাহঁৰ এচাৰি আৰু মধ্যাহ্ন ভোজন ৰন্ধন কাৰ্যত ব্যৱহৃত ফলা খৰিয়ে মাৰকিল কৰিছিল । ফলত দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল। প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ সদস্যৰ হাতত ১৫০০০ হাজাৰ টকা দি মুখ বন্ধ কৰিবলৈ বৃঠা চেষ্টা চলাই সাংবাদিকৰ তৎপৰতাত আৰু চৰাইদেউ জিলাৰ শিশু সহায়কাৰী গোটৰ হস্তক্ষেপত প্ৰধান শিক্ষক জন ৰঙা ঘৰৰ আলহী হ’ব লগা হৈছিল। এই অমানৱীয় জঘন্য ঘটনাৰ কথা চৰাইদেউ বাসীয়ে নাপাহৰোতেই মথুৰাপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ম: আৰিফুল ইছলামে বিদ্যালয়ত পাঠদান কৰি থকা সময়তে ছাত্ৰ ছাত্ৰী সকলক নিৰ্মম শাৰীৰিক – মানসিক অত্যাচাৰ চলাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক জনে বিদ্যালয় খনৰ ওপৰ চিচি টিভি ফুটেজ নিৰীক্ষণ কৰোঁতে সহকাৰী শিক্ষক গৰাকীয়ে এগৰাকী ছাত্ৰীক উপৰ্যুপৰি প্ৰহাৰ, দুজন ছাত্ৰ ভৰিৰে গুৰিওৱা, এজন ছাত্ৰক দুহাতেৰে কোচত দাঙি খিড়িকীৰে তললৈ পেলাই দিয়াৰ চেষ্টা কৰা ভিডিঅ’ ফুটেজ দেখি স্তম্ভিত হৈ পৰে। প্ৰধান শিক্ষক গৰাকীয়ে ভিডিঅ’ ফুটেজ প্ৰত্যক্ষ কৰাৰ সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মথুৰাপুৰ উপ শাখাৰ বিষয় – ববীয়া উপস্থিত আছিল আৰু ভিডিঅ’ ফুটেজত সহকাৰী শিক্ষক গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক কৰা নিৰ্মম প্ৰহাৰৰ দৃশ্য দেখি আশ্চৰ্য প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত আজি আটছাৰ মথুৰাপুৰ উপ সমিতিৰ ক্ৰমে সভাপতি গৌতম ৰাউ আৰু সম্পাদক অভিজিৎ খদালৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা আয়ুক্তক প্ৰদান কৰে। শিক্ষা প্ৰদানৰ নামত বেতনভোগী শিক্ষক ম: আৰিফুল ইছলামে ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা অমানৱীয় জঘন্য অত্যাচাৰৰ বাবে শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। কণ – কণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষক জনৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আটছাই অভিভাৱক আৰু চাহ বাগিচাৰ শ্ৰমিক ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰে বিদ্যালয় খনত তলা বন্ধ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। দানৱ ৰুপী শিক্ষক ম: আৰিফুল ইছলামৰ বিৰুদ্ধে শিক্ষা বিভাগৰ লগতে জিলা আয়ুক্তই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

RELATED ARTICLES
Lucknow
haze
27 ° C
27 °
27 °
50 %
1kmh
0 %
Wed
35 °
Thu
44 °
Fri
46 °
Sat
45 °
Sun
45 °

Most Popular