চৰাইদেঊ আৰক্ষীৰ জালত দুই ভূৱা চিকিৎসক আটক ।
নামতোলাৰ পৰা অনিল চুনাৰ প্ৰতিবেদন দুৰ্নীতি দৰ্পণ:২৭জুন চৰাইদেউ জিলাৰ নামতোলা আৰক্ষীৰ এক অভিযানত জয়শ্ৰী টি কোম্পানীৰ অধীনত থকা দুখনকৈ বাগিছা চিকিৎসালয়ৰ ভূৱা চিকিৎসক আটক কৰিবলৈ সক্ষম হল আৰক্ষীৰ অভিযান কালত ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ একাৎশ ভূৱা চিকিৎসক বিৰোধে অভিযান চলাই থকাৰ পিছত চৰাইদেউ জিলাৰ টাওকাক চাহ বাগিছাৰ পৰা ভূৱা চিকিৎসক অৰবিন্দ গাংগলী আৰু একেই কোম্পানীৰ মঞ্জুশ্ৰী চাহ বাগিছাৰ ভূৱা চিকিৎসক বেণু চক্ৰবতীক নিশা ডক্টৰ বাংলুৰ পৰা আটক কৰে শুক্ৰবাৰে।আটকাধীন চিকিৎসকে অসম চাহ বাগিছা শ্ৰমি বিধি আইন১৯৫১ অনুযাই এম বি বি এছ ডক্টৰ ডিগ্ৰীৰ যোগ্যতা নোহোৱা কৈ শ্ৰম বিধি আইন উলংঘ কৰি ৪টাকৈ বছৰ বাগিছাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগৰ ভিক্তিত বৰ্তমান আৰক্ষীয়ে গোচৰ ৰিজু কৰিছে।
বৃহৎ চাহ কোম্পানীৰ ভিতৰত জয়শ্ৰী টি কোম্পানী উজনি অসমৰ টাওকাক আৰু মঞ্জুশ্ৰী বাগিছাৰ চাহ উৎপাদনৰ পৰিমাণ অধিক হলেও চাহ শ্ৰমিকক আইনগত সা সুবিধা বঞ্জিত হোৱাৰ দৃষ্টান্ত হৈছে দুই ভূৱা চিকিৎসক ।
বাগিছাৰ মালিক পক্ষক সুখী কৰিবলৈ গৈ বাগান কতীপক্ষই চাহ বাগিছা শ্ৰম বিধি আইনক ভৰিৰ তলত মুচি বেআইন গত পদ্ধতি অৱল্বন কৰা কোনো নতুন নহয় । তথ্যপ্ৰাপ্ত মতে ২০২২চনৰ পৰা চলিত বৰ্ষত দুইজনকৈ হোমিওপেথিক চিকিৎসকৰ নিয়োগ কৰিছিল কোম্পানীৰ জৰিয়তে।
নিয়োগৰ আঁৰত দুই বাগিছাৰ মুঠ ৪ৰ পৰা ৫হেজাৰ অস্থায়ী স্থায়ী চাহ শ্ৰমিকৰ স্বাস্থ্য সেৱাৰ সৈতে অন্যায় কৰাৰ বাদে আন একো নহয়।প্ৰায় এজন শ্ৰমিকক শ্ৰম দানৰ উপৰিও আইনী ভাৱে পাবলগীয়া সুবিধাৰ ক্ষেত্ৰত জয়শ্ৰী টি কোম্পানীৰ টাওকাক আৰু মঞ্জুশ্ৰী বাগিছা কতীপক্ষই চকু মুদাৰ ভাও জুৰাৰ ঘটনা প্ৰায় চৰ্চাত থাকে ।অনিয়ম আৰু বৃটিছ শাসনৰ ফলত ১৯৫১চনৰ শ্ৰম বিধি আইন অধীনত থকা শ্ৰমিক অধিকাৰ বিছাৰি গলেও আজিও অধিকাংশ লোক লাঞ্চিত বঞ্চিত শ্ৰমিক সকল। যাৰ ফলত কোম্পানীৰ গুৰুত্বপূৰ্ণ বিভাগটোত দুই ভূৱা চিকিৎসকৰ জৰিয়তে হেজাৰ হেজাৰ শ্ৰমিক তথা শ্ৰমিকৰ পৰিয়ালৰ চকুত ধূলি দি বাগিছা মেনেজমেন্ট কৰা অকৃত কাৰ্য পোহৰ লৈ আহিল মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি গ্ৰহন কৰা মাত্ৰ কেইটা মান ঘন্টাৰ পিছত।

