জনজাতি কৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণাৰ প্ৰতিবাদ , কোকৰাঝাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনৰ সিদ্ধান্ত , আজিৰে পৰা গাঁও চলো অভিযান আক্ৰাছুৰ
কমল ৰায়, তামাৰহাট ২ মাৰ্চ:- জনজাতি কৰণৰ ক্ষেত্ৰত ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আজি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৱে (প্ৰদীপ গোট) তামাৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এলানি প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছে । ধুবুৰী জিলাৰ তামাৰহাটস্থিত তামাৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আজি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায়ে কয় যে বহু অপেক্ষাৰ মুৰত কিছু দিন পূৰ্বে তিনি জনীয়া মন্ত্ৰীগোটে অসমৰ আন আন পাঁচটা জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ মোডেলিটী প্ৰতিবেদন খন বিধান সভাত দাখিল কৰিছিল । সেয়ে জনজাতি কৰণৰ বাবে বহু দিনৰ পৰা আন্দোলন কৰি অহা দল-সংগঠন সমুহৰ নেতৃবৃন্দই ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হব বুলি আশা পালি আছিল । কিন্তু সম্প্ৰতি বিধান সভা নিৰ্বাচনৰ দিন নিচেই চমু চাপি আহিছে যদিও জনজাতি কৰণৰ উক্ত প্ৰতিবেদন খন অসম চৰকাৰে আজিলৈকে দিল্লীলৈ প্ৰেৰণ নকৰিলে । ফলত কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দল-সংগঠন সমুহ ক্ষোভিতহৈ পৰা বুলি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে । সেয়ে বি জে পি নেতৃত্বাধীন অসম চৰকাৰ খনে কোচ ৰাজবংশী জনগোষ্ঠীক বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক কোকৰাঝাৰ ভ্ৰমণৰ সময় ছোৱাত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি আক্ৰাছুৰ সভাপতি গৰাকীয়ে সংবাদমেলত ঘোষণা কৰে । ইয়াৰ উপৰি বি জে পি শাসনাধীষ্ঠ অসম চৰকাৰ খনক চৰম মিছলীয়া আখ্যা দি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি গৰাকীয়ে কয় যে আগত বিধান সভা নিৰ্বাচনত বি জে পি দলক এশিকনি দিবলৈ অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৱে ইতিমধ্যে ককালত টঙালি বান্ধিছে । আগত বিধান সভা নিৰ্বাচনত বি জে পি দলৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সজাগতা সৃষ্টিৰ বাবে আজিৰে পৰা আক্ৰাছুৰ কৰ্মী সকলে প্ৰতি খন গাঁৱৰ কোচ ৰাজবংশী লোকৰ ঘৰে ঘৰেগৈ প্ৰচাৰ চলাব বুলি প্ৰদীপ ৰায়ে সংবাদমেলত উল্লেখ কৰে । উক্ত সংবাদমেল খনত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায়ৰ উপৰি সাধাৰণ সম্পাদক ৰাকেশ ৰায়, কাৰ্যকৰী সভাপতি নিৰ্মল ৰায়, আক্ৰাছুৰ আন আন বিষয়-ববীয়াৰ লগতে মহিলা সমিতিৰ বিষয়-ববীয়াও উপস্থিত আছিল ।
জনজাতি কৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণাৰ প্ৰতিবাদ , কোকৰাঝাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনৰ সিদ্ধান্ত , আজিৰে পৰা গাঁও চলো অভিযান আক্ৰাছুৰ
Lucknow
few clouds
35.3
°
C
35.3
°
35.3
°
29 %
2.2kmh
18 %
Wed
34
°
Thu
42
°
Fri
43
°
Sat
42
°
Sun
44
°

