39 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমতিনিচুকীয়া নিৰ্বাচনী জিলাত সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ কামকাজৰ ওপৰত পৰ্যালোচনা সভা...

তিনিচুকীয়া নিৰ্বাচনী জিলাত সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ কামকাজৰ ওপৰত পৰ্যালোচনা সভা , পুলিচ আৰু চিভিল চেক্টৰ বিষয়াসকলৰ সমন্বয় বৈঠক

তিনিচুকীয়া নিৰ্বাচনী জিলাত সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ কামকাজৰ ওপৰত পৰ্যালোচনা সভা , পুলিচ আৰু চিভিল চেক্টৰ বিষয়াসকলৰ সমন্বয় বৈঠক

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ তিনিচুকীয়া নিৰ্বাচনী জিলাত সমাগত বিধানসভা নিৰ্বাচন ২০২৬ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, তিনিচুকীয়া জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ, শদিয়া আৰক্ষী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক জগদীশ দাস, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে সংঘমিত্ৰা বৰুৱা, পংকজ কুমাৰ নাগবংশী, ড০ মন্দিৰা বৰুৱা, নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তৰ উপস্থিতিত তিনিচুকীয়া নিৰ্বাচনী জিলাত সমাগত বিধানসভা নিৰ্বাচন ২০২৬ সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে চলাই থকা প্ৰস্তুতি সন্দৰ্ভত এখনি পৰ্যালোচনা সভা লগতে সকলো পুলিচ আৰু চিভিল চেক্টৰ বিষয়াসকলৰ সমন্বয় বৈঠক আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। জিলা আয়ুক্তই উপস্থিত পুলিচ আৰু চিভিল চেক্টৰ বিষয়াসকলক নিষ্ঠাসহকাৰে নিজ কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়। তেওঁ চেক্টৰ বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি যাৱতীয় সা-সুবিধাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ; যাতে ভোটগ্ৰহণৰ বাবে যোৱা পুলিং বিষয়াসকল কোনোধৰণৰ অসুবিধাৰ সন্মোক্ষীন নহয়। পুলিচ আৰু চিভিল চেক্টৰ বিষয়াসকলক সমন্বয় ৰাখি নিৰ্বাচনৰ কাম কৰি যাবলেও তেওঁ উপদেশ দিয়ে। আনহাতে, নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই সভাৰ আতঁ ধৰি অনাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ নিৰ্বাচনী আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনৰ বিভিন্ন কাম কাজৰ দিশ সাঙুৰি এক পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়ায়। উক্ত পৰ্যালোচনা সভা তথা সমন্বয় বৈঠকত তিনিচুকীয়া জিলাৰ আটাইকেইখন সম-জিলাৰ সম-জিলা আয়ুক্তসকল, জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল, বিধানসভা নিৰ্বাচনৰ কামত নিয়োজিত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষী বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, তিনিচুকীয়া নিৰ্বাচনী জিলাত মুঠ ১২৮০ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১০ ফেব্ৰুৱাৰী, ২০২৬ত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি তিনিচুকীয়া নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০০৩৪৯০ গৰাকী। ইয়াৰে মুঠ মহিলা ভোটাৰৰ সংখ্যা ৫১৫৭১৪, পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪৮৭৭৪২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩৪ গৰাকী। ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০১৫১২ গৰাকী। ইয়াৰে ১০১১২২ গৰাকী পুৰুষ ভোটাৰ, ১০০৩৮৬ গৰাকী মহিলা ভোটাৰ আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৮২ নং ডুমডুমা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৭৯৯০ গৰাকী। ইয়াৰে ৬৯৮৬৭ গৰাকী পুৰুষ ভোটাৰ, ৭৮১১৯ গৰাকী মহিলা ভোটাৰ আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭৬১০৯ জন। ইয়াৰে ৮৬৪০১ গৰাকী পুৰুষ ভোটাৰ, ৮৯৭০৮ গৰাকী মহিলা ভোটাৰ। ৮৪ নং ডিগবৈ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪৭০৯৮ জন। ইয়াৰে ৭০৮৭৩ গৰাকী পুৰুষ ভোটাৰ, ৭৬২২৩ গৰাকী মহিলা ভোটাৰ আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৮৫ নং মাকুম বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৮৪৩০ জন। ইয়াৰে ৭৫৪৫৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৮২৯৬৭ গৰাকী হৈছে মহিলা ভোটাৰ আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭২৩৫১ জন। ইয়াৰে ৮৪০২২ গৰাকী পুৰুষ ভোটাৰ, ৮৮৩১১ গৰাকী মহিলা ভোটাৰ। তৃতীয় লিংগৰ ভোটাৰ হৈছে ১৮ জন। তিনিচুকীয়া নিৰ্বাচনী জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ১২৮০ টা। ইয়াৰে ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৬৮ টা, ৮২ নং ডুমডুমা বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৮১ টা, ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২২২ টা, ৮৪ নং ডিগবৈ বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৮৯ টা, ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২০৪ টা আৰু ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২১৬ টা। তিনিচুকীয়া নিৰ্বাচনী জিলাত প্ৰতিটো বিধানসভা সমষ্টিতে একোটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে, তিনিচুকীয়া নিৰ্বাচনী জিলাত আটাইতকৈ কম ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ২২২ নং হঞ্জু গাঁও কমিউনিটি চেণ্টাৰ ভোটগ্ৰহণ কেন্দ্ৰ। এই কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪০ জন। আটাইতকৈ বেছি ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৮৪ নং মাকুম বিধানসভা সমষ্টিৰ ১৮৪ নং ৰাজগড় আলি টি.ই. ষ্টাফ ক্লাৱ ভোটগ্ৰহণ কেন্দ্ৰ। এই ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১২৭১ জন। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ২০৫ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰিটিকেল হিচাপে চিহ্নিত কৰা হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে ৮১ নং শদিয়া বিধানসভা সমষ্টিক ৬ টা জ’ন আৰু ৩০টা চেক্টৰত, ৮২ নং ডুমডুমা বিধানসভা সমষ্টিক ৭টা জ’ন আৰু ২০ টা চেক্টৰত, ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিক ৭টা জ’ন আৰু ২১ টা চেক্টৰত, ৮৪ নং ডিগবৈ বিধানসভা সমষ্টিক ৫টা জ’ন আৰু ১৭ টা চেক্টৰত, ৮৫ নং মাকুম বিধানসভা সমষ্টিক ৬টা জ’ন আৰু ১৯ টা চেক্টৰত, ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিক ৬টা জ’ন আৰু ১৮ টা চেক্টৰত বিভক্ত কৰা হৈছে। ইয়াৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১২৮০ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৩৮৪০ গৰাকী প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং বিষয়া নিয়োগ কৰা হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাত কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৩৪৩ টা। ইয়াৰে ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ ৫১ টা, ৮২ নং ডুমডুমা বিধানসভা সমষ্টিৰ ৩৭ টা, ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৪৬ টা, ৮৪ নং ডিগবৈ বিধানসভা সমষ্টি ৪২ টা, ৮৫ মাকুম বিধানসভা সমষ্টি ৩১ টা আৰু ৮৬ তিনিচুকীয়া বিধানসভা সমষ্টিৰ ১৩৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত যিকোনো তথ্য পাবৰ বাবে অথবা যিকোনো অভিযোগ দাখিলৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত ২৪ ঘণ্টাই কাৰ্যকৰী হৈ থকা এটি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ৰাইজে নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্য পাবৰ বাবে লগতে যিকোনো অভিযোগ দাখিলৰ বাবে নিয়ন্ত্ৰণ কক্ষ অথবা নিৰ্বাচনী শাখাৰ ১৯৫০ নম্বৰত যোগাযোগ কৰিব লাগিব। উল্লেখনীয় যে, তিনিচুকীয়া জিলা নিৰ্বাচনী বিভাগৰ SVEEP (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ) কোষৰ দ্বাৰা ভোটাৰ ৰাইজৰ সজাগতাৰ বাবেও বহু পদক্ষেপ হাতত লৈ থকা হৈছে।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular