33.7 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমজনীয়াৰ বানিয়াৰাপাৰাৰ ঝংকাৰ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সভা

জনীয়াৰ বানিয়াৰাপাৰাৰ ঝংকাৰ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সভা

জনীয়াৰ বানিয়াৰাপাৰাৰ ঝংকাৰ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সভা

দুৰ্নীতিৰ দৰ্পণ জনীয়া ২৭ এপ্ৰিল:বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত এখন আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান হৈছে ঝংকাৰ জাতীয় বিদ্যালয়। বিগত ২০০১ চনৰ ১৮ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ ভৱানীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বানিয়াৰাপাৰা গাঁৱত প্ৰতিষ্ঠা লাভ কৰা ঝংকাৰ জাতীয় বিদ্যালয়ে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেয়ে কালি ঝংকাৰ জাতীয় বিদ্যালয় প্ৰাংঙ্গনত ৰূপালী জয়ন্তী উদযাপন উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। ঝংকাৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক ডাঃ সাজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ক্ৰমে জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰৱক্তা আবুতালেব শিকদাৰ,ৰেচম বিষয়া জশ্বিজুল হক, এম এ বাতেন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমজান আলী আহমেদ,এম এ বাতেন হাইস্কুলৰ সহকাৰী শিক্ষক জমেত আলী আদিকে কৰি বৃহত্তৰ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী সকলৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । কালিৰ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি, প্ৰাক্তন শিক্ষাৰ্থী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজৰ সিদ্ধান্ত অনুসৰি অহা ৬ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে বিস্তীৰ্ণ কাৰ্যসূচী হাতত লৈ ৰূপালী জয়ন্তী উদযাপন কৰা হ’ব বুলি সিদ্ধান্তত উপনীত হয়। সেই উপলক্ষে ঝংকাৰ জাতীয় বিদ্যালয় কৰ্তৃপক্ষই ৰূপালী জয়ন্তী অনুষ্ঠান সফল ৰূপায়ণৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular