35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমজলসম্পদ বিভাগৰ চৰম গাফিলতি , ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ কামৰ অনিয়মৰ অভিযোগ

জলসম্পদ বিভাগৰ চৰম গাফিলতি , ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ কামৰ অনিয়মৰ অভিযোগ

জলসম্পদ বিভাগৰ চৰম গাফিলতি , ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ কামৰ অনিয়মৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ, লক্ষীপুৰ ,14 মাৰ্চ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বানিয়াপাৰাৰ পৰা তাৰাঙ্গাপুৰ- সুপাৰীভিটা লৈকে অসম চৰকাৰে এচিয়ান ডেভেলমেণ্ট বেংক’ৰ পৰা লোৱা অৰ্থ সাহায্যৰে চলি আছে ব্ৰহ্মপুত্ৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম। ৰাজহুৱাকৈ প্ৰশ্ন উত্থাপিত হৈছে যে, ইমান ব্যয় বহুল প্ৰজেক্টৰ কামটো সফল ৰূপায়নৰ বাবে ঠিক মতে গোৱালপাৰা জিলা জলসম্পদ বিভাগে তদাৰক কৰিছে নে ? নে উপ ঠিকাদাৰৰ সকল আৰু বিভাগীয় দুই /এজন মহৰীৰ ওপৰতে দ্বায়িত্ব অৰ্পণ কৰি বিভাগীয় কাৰ্য্যবাহী অভিযন্তা, সহকাৰী কাৰ্য্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা সকলে চকু মুদা কুলিৰ জুৰি বহি আছে । জানিব পৰা মতে , প্ৰায় দুমাহ ধৰি সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা সকলে নিয়ম মতে পৰিদৰ্শন নকৰে। ফলস্বৰূপে অঞ্চলটোৰ জনসাধাৰ মাটি – ভেটি ৰক্ষাৰ বাবে চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা কামটো সঠিক ৰূপায়নৰ পৰিৱৰ্তে খেলিমেলি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে , সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাই লক্ষীপুৰৰ হেড কোৱাৰ্টাৰত থাকি প্ৰতিদিনে কামৰ তদাৰক কৰাৰ নিয়ম যদিও এওঁলোকে সেয়া নকৰি গোৱালপাৰাত থাকে। আনহাতে , কাৰ্য্যবাহী অভিযন্তা গৰাকীয়েও এই খন কাৰ্যালয়ত যোগদান কৰাৰ পিছত কেৱলমাত্ৰ দুদিনহে আহিছিল বুলি অভিযোগ উঠিছে । তেওঁৰ প্ৰশাসনিক দুৰ্বলতাৰ সুযোগ লৈ কনিষ্ঠ অভিযন্তা সকলে ঠিক মতে কামৰ বুজ নলয় বুলি অভিযোগ উঠিছে। প্ৰায় ছয় কিঃ মিঃ এলেকা জুৰি চলি থকা জি’ অ বেগৰ কাম প্ৰাককলন মতে নোহোৱা বুলি সচেতন মহলে অভিযোগ তুলিছে । উল্লেখ্য যে , টাকিমাৰী বজাৰৰ ওচৰত এক অজ্ঞাত কাৰণত ঠিকাদাৰে প্ৰায় বিশ মিটাৰ মান ঠাইত জি’ অ বেগ নিদিয়াকৈ ৰাখিছে । বাৰিষাৰ পূৰ্বে এই অংশ ছোৱাত কাম নকৰিলে ব্ৰহ্মপুত্ৰৰ পানী‌য়ে দুফালে জি ‘ অ বেগৰ ক্ষতি সাধন কৰিব বুলি আশংকা কৰা হৈছে । স্মৰ্তব্য যে , বিগত প্ৰায় সত্তৰ বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বশান্ত কৰা অঞ্চলটো ৰক্ষাৰ বাবে চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ঠিকাদাৰৰ হেমাহি আৰু অনিয়মৰ বাবে হয়তো কামটো সফল ৰূপায়ন নহ’ব বুলি আশংকা কৰিছে সচেতন মহলে। সেয়া হ’লে ইয়াৰ কু – ফল অঞ্চলবাসী ৰাইজে ভুগিব লাগিব। সেয়ে বিভাগীয় সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা সকলক লক্ষীপুৰৰ হেড কোৱাৰ্টাৰত থাকি প্ৰতিদিনে কামৰ তদাৰক কৰিবলৈ জলসম্পদ বিভাগৰ উৰ্ধতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে সচেতন ৰাইজে। তদুপৰি ঠিকাদাৰ যাতে পালমৰা কাম কৰি সাৰি যাব নোৱাৰে তাৰ প্ৰতি স্হানীয় লোকক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে সচেতন মহলে।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular