36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমজাগীৰোডত পীয়ুষ হাজৰিকা VS বুবুল দাস , অসমখন হিমন্ত-পীয়ুষৰ নহয়, এইখন আমাৰ...

জাগীৰোডত পীয়ুষ হাজৰিকা VS বুবুল দাস , অসমখন হিমন্ত-পীয়ুষৰ নহয়, এইখন আমাৰ অসম – বুবুল দাস

জাগীৰোডত পীয়ুষ হাজৰিকা VS বুবুল দাস , অসমখন হিমন্ত-পীয়ুষৰ নহয়, এইখন আমাৰ অসম – বুবুল দাস

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৫ মাৰ্চ :- : সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ শাসনৰ ক্ষমতা হস্তগত কৰাৰ লক্ষ্যৰে শাসক-বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তীব্ৰ নিৰ্বাচনী কুচকাৱাজ। ঊকেদৰে ৫২ নং (এছ,চি) জাগীৰোড বিধানসভা সমষ্টিতো দেখা গৈছে শাসক-বিৰোধী ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা । এইবাৰ জাগীৰোড সমষ্টিত শাসকীয় বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাক্তন মন্ত্ৰী বুবুল দাসক প্ৰক্ষেপ কৰিছে। আজি জাগীৰোড বিধানসভা যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বুবুল দাসে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। শাসকীয় চৰকাৰখনক কটাক্ষ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ চৰম সীমা অতিক্ৰম কৰা বুলি দোহাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাক তীৰ্যক ভাষাৰে সমালোচনা কৰি কয় যে অসম খন মুখ্যমন্ত্ৰীৰো নহয়, পীয়ুষৰো নহয় । এইখন আমাৰ অসম। আগন্তুক নিৰ্বাচনত এইবাৰ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে জাগীৰোড সমষ্টিৱাসীক শক্তিশালী ৰূপত ওলাই আহিবলৈ আহ্বান জনায় । লগতে কংগ্ৰেছ কৰ্মী সকলকো দলীয় নীতি আদৰ্শৰ বাবে প্ৰয়োজনত অধিক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনাই প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুবুল দাসে। অনুষ্ঠানত জিলাৰ উপ-সভাপতি লক্ষী ডেকা, মায়ং ব্ল’ক কংগ্ৰেছৰ সভাপতি দীপক মেধি, জাগীৰোড ব্ল’ক কংগ্ৰেছৰ সভাপতি বুবুল পাতৰ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চাইমন বৰদলৈ, সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মিজু কুমাৰ ডেকা, জিলাৰ যুৱ উপ-সভাপতি অৰ্জুন মাল্লাহ, এন,এছ,ইউ,আই ৰ প্ৰিতম ত্ৰিবেদী, জিলা সামাজিক মাধ্যমৰ উপ-সভাপতি চন্দন বৰদলৈ প্ৰমুখ্যে দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে। প্ৰায় আঢ়ৈ লাখৰো অধিক ভোটাৰ থকা জাগীৰোড বিধানসভা সমষ্টিটো বিগত এটা দশক অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰতিনিধিত্ব কৰি আহিছে। তেনে প্ৰেক্ষাপটত বিৰোধী শিবিৰে কি শক্তিশালী ইছ্যু আগত লৈ, কেনে ৰণ কৌশলেৰে আগবাঢ়িব সেয়া লক্ষণীয় হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular