36.1 C
New Delhi
Saturday, May 2, 2026
spot_img
Homeঅসমজুবিন গাৰ্গক শ্ৰদ্ধা জনাই পতাকা উত্তোলনে সামৰণি মাৰিলে ৩৩ সংখ্যক চেপন কেন্দ্ৰীয়...

জুবিন গাৰ্গক শ্ৰদ্ধা জনাই পতাকা উত্তোলনে সামৰণি মাৰিলে ৩৩ সংখ্যক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

জুবিন গাৰ্গক শ্ৰদ্ধা জনাই পতাকা উত্তোলনে সামৰণি মাৰিলে ৩৩ সংখ্যক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক, চেপন১৯ এপ্ৰিলঃ  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে এইবাৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হ’ল ৩৩সংখ্যক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।অসমৰে এখনি আগশাৰীৰ বিহু সন্মিলন হৈছে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যত বিগত ১৮ টা বৰ্ষ প্ৰায় ধাৰাবাহিকভাৱে  মঞ্চত গীতেৰে, সুৰেৰে আলোড়িত কৰি অহা শিল্পী জুবিন গাৰ্গৰ সৈতে চেপনবাসীৰ আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। বিহুতলী বৰবিহুৱা ডামচাও হেম বুঢ়াগোহাঞি ক্ষেত্ৰত জুবিন গাৰ্গে ৰোপণ কৰি থৈ যোৱা গছৰ ছাঁত আজি অনুষ্ঠিত হোৱা বিহু সন্মিলনৰ কাৰ্যসূচী অনুযায়ী ৫০ গৰাকী টাই মলুঙে সম্পন্ন কৰে ‘ মাংগলিক কাৰ্যসূচী উদ্বোধক পূৰ্বাঞ্চল টাই সাহিত‍্য সভাৰ সভাপতি অতুল ফুকন .আজি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক দিগন্ত গগৈ, উদযাপন সমিতিৰ সভাপতি দয়ানন্দ ফুকন, কাৰ্যকৰী সভাপতি ঝৰণা মহন, মুখ্য সম্পাদকবৃন্দ গ’ল্ডী ৰাজমহন, সন্তোষ কোঁৱৰ, যিজাচ গগৈ, পংকজ ফুকন লগতে আৰু সমূহ বিষয়ববীয়া, সদস্য-সদস্যাৰ উপস্থিতিত বিহুৰ পতাকা উত্তোলন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়া লগত সহযোগ কৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু মুখ্য সম্পাদক মৃদুল ফুকন ৷ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰে সদৌ  অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, গীতৰ কলি আৰু বিশেষ উক্তি সম্বলিত দুখনকৈ দিনপঞ্জীও সদৌ  অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে উন্মোচন কৰে। চেপনৰ বহুকেইগৰাকী বিশিষ্ট সাংস্কৃতিক সংগঠক তথা কৰ্মীৰ উপৰিও দহটাতকৈ অধিক বিহু-হুঁচৰি আৰু জেং বিহুৰ দল উপস্থিত থকা অনুষ্ঠানটোত কোনো ধৰণৰ গীত-নৃত‍্যৰ পৰিবেশন কৰা দেখা নগ’ল। আজিৰ অনুষ্ঠানত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে পৰৱৰ্তী বৰ্ষৰ পৰা প্ৰকৃতিৰ বাবে বিহুৰ এটা দিন উচৰ্গা কৰাৰ লক্ষ‍্যৰে ৪ ব’হাগৰ দিনটো ‘গছ বিহু’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চেপনবাসীয়ে জুবিন গাৰ্গক উপহাৰ দিয়া আম গছজোপাৰ ছাঁত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ‍্যোক্তাসকলে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বেলিকা উপস্থিত আটাইকে প্ৰিয় শিল্পীগৰাকীক হেৰুওৱাৰ বেদনাত আবেগিক হৈ পৰা দেখা গ’ল। 

RELATED ARTICLES
Lucknow
haze
31 ° C
31 °
31 °
48 %
6.2kmh
0 %
Sat
39 °
Sun
40 °
Mon
40 °
Tue
35 °
Wed
38 °

Most Popular